ETV Bharat / bharat

চীনে নেপালৰ ভূমিত অবৈধ দখল, নিমাত কে পি শৰ্মাৰ চৰকাৰ

author img

By

Published : Jun 23, 2020, 8:42 PM IST

চীন-ভাৰতৰ সীমা বিবাদক কেন্দ্ৰ কৰি সংঘাত সৃষ্টি হৈ থকাৰ সময়তে চীনে চক্ৰান্তমূলকভাবে নেপালৰ এখন গাঁও নিজৰ দখললৈ আনিছে । মংগলবাৰে এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, চীনে লাহে-লাহে নেপালৰ বিভিন্ন অঞ্চল দখল কৰাত লাগিছে । তথ্য অনুসৰি, চীনে নেপালৰ গোৰখা জিলাৰ ৰুই গাঁওখন নিজৰ অধীনত আনিছে । উক্ত গাঁওখন চীনে দখল কৰাৰ পিচতে গাঁওখনৰ ৭২ টা পৰিয়ালক নিজৰ অধীনলৈ অনাৰ চেষ্টা চলাই আছে ।

china-occupies-nepal-village-land-deafening-silence-from-oli-govt

নিউজ ডেস্ক, ২৩ জুন : চীন-ভাৰতৰ সীমা বিবাদক কেন্দ্ৰ কৰি সংঘাত সৃষ্টি হৈ থকাৰ সময়তে চীনে চক্ৰান্তমূলকভাবে নেপালৰ এখন গাঁও নিজৰ দখললৈ আনিছে । মংগলবাৰে এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, চীনে লাহে-লাহে নেপালৰ বিভিন্ন অঞ্চল দখল কৰাত লাগিছে ।

তথ্য অনুসৰি, চীনে নেপালৰ গোৰখা জিলাৰ ৰুই গাঁওখন নিজৰ অধীনলৈ আনিছে । উক্ত গাঁওখন চীনে দখল কৰাৰ পিচতে গাঁওখনৰ ৭২ টা পৰিয়ালক নিজৰ অধীনলৈ অনাৰ চেষ্টা চলাই আছে । ইয়াৰ লগতে এইটোও গম পোৱা যায় যে, কেনেকৈ নেপালৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ ওপৰত চীনে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ।

china-occupies-nepal-village-land-deafening-silence-from-oli-govt
চীনে নেপালৰ ভূমিত অবৈধ দখল, নিমাত কে পি শৰ্মাৰ চৰকাৰ

ইয়াৰ উপৰিও চীনে উক্ত গাঁওখনৰ উপৰিও নেপালৰ ১১ টা অঞ্চল নিজৰ দখলত আনিছে । নেপালৰ চাৰিখন গাঁৱৰ নেপালৰ চাৰিখন জিলাৰ ৩৬ হেক্টৰ ভূমি যি অঞ্চলত চীনা সীমান্ত আছে । কিন্তু বৰ্তমানলৈ নেপাল চৰকাৰে এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই । কিন্তু তথ্য অনুসৰি, চীনে বিগত দুই বছৰৰ পৰা সেই ভূমি দখল কৰিছে ।

লগতে, চুকি গাঁওখন নেপালৰ মানচিত্ৰত আছে আৰু হিমালয় ৰাষ্ট্ৰৰ অংশ হয় । যাৰবাবে সেই অঞ্চলৰ লোকে সদায় নিজকে উক্ত অঞ্চলৰ অংশীদাৰ বুলি ভাবে । কিন্তু চীনৰ হাতৰ আঙুলিত নেপালে বিভিন্ন কাম কৰি থকা বুলি উল্লেখ কৰিছে । লগতে চীনৰ নিৰ্দেশ মতে নেপালে ভাৰতৰ তিনিখন গাঁও দখল কৰাৰ বাবে চেষ্টা চলোৱা বুলি উল্লেখ কৰিছে ।

শেহতীয়াভাৱে নেপালে এক নতুন মানচিত্ৰৰ জৰিয়তে ভাৰতৰ কিছু অংশ অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা চলাইছে । কিন্তু ভাৰতে নেপালৰ উক্ত মানচিত্ৰখনক একেষাৰে নস্যাৎ কৰিছে ।

নেপালৰ নতুন ৰাজনৈতিক মানচিত্ৰখন বিগত সপ্তাহত ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভণ্ডাৰীৰ দ্বাৰা অনুমোদিত হৈছে ।

নেপালৰ এক সূত্ৰই প্ৰমাণিত কৰা অনুসৰি, চীনে ইতিমধ্যে নেপালৰ ছয়টা অঞ্চল দখল কৰাৰ লগতে ভাগদাবে আৰু কৰ্ণালী নদীৰ বহু হেক্টৰ ভূমি চীনে দখল কৰিছে । ইয়াৰ লগতে চীনে আকৌ চিজন খোলা নদীৰ ওচৰৰ দুই হেক্টৰ ভূমি আৰু ৰখুবা জিলাৰ ভৰ্জুক নদীৰ পাৰৰ বহু ভূমি অবৈধ ভাবে দখল কৰিছে । লগতে জিলাখনৰ জম্বু খোলা অঞ্চলৰ তিনি হেক্টৰ ভূমি দখল কৰিছে । ইয়াৰ লগতে চীনে খাৰেন খোলাত ৭ হেক্টৰ, সৰ্ঘু পাল চৌক জিলাৰ ভেট কাশী অঞ্চলত ৪ হেক্টৰ, সমুগ্ন খোলাত তিনি হেক্টৰ, কাম খোলাত ৩ হেক্টৰ আৰু অৰুণ নদী অঞ্চলত ৪ হেক্টৰ ভূমি অবৈধ ৰূপে দখল কৰা বুলি নেপালে অভিযোগ উখাপন কৰিছে ।

কিন্তু আশ্চৰ্যজনক কথা এয়াই যে, চীনে নেপালৰ বৃহৎ অঞ্চল দখল কৰাৰ পিচতো নেপালৰ কে পি শৰ্মাৰ চৰকাৰে মানচিত্ৰ সংশোধনৰ জৰিয়তে ভাৰতৰ ভূমি দখল কৰাত ব্যস্ত হৈ পৰিছে ।

এক বিশেষ সূত্ৰৰ আধাৰত নেপালে এই কাম চীনৰ নিৰ্দেশ মতে কৰি আছে । যিখন ৰাষ্ট্ৰই কোভিড-১৯ ৰ সংক্ৰমণ কৰি বিশ্ববাসীক পংগু কৰিলে আৰু বৰ্তমান কূটনীতিৰ জৰিয়তে সংঘাত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : সমুদ্ৰ মন্থনৰ সময়ত উঠি অহা কল্পবৃক্ষৰ আছে ঐশ্বৰিক বিশেষত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.