ETV Bharat / bharat

চীনে ভাৰতলৈ প্ৰেৰণ কৰিছে 6,50,000 মেডিকেল কীট - কৰ'ণা ভাইৰাচ

COVID-19ৰ বিৰুদ্ধে যুদ্ধৰ বাবে ভাৰতলৈ দুটা মুখ্য মেডিকেল কীট প্ৰেৰণ কৰিছে চীনে । দেশত লকডাউনৰ সময়ত হটস্পট হিচাপে চিনাক্ত কৰা অঞ্চল সমূহত পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিব এই কীট ।

চীনে ভাৰতলৈ প্ৰেৰণ কৰিছে 6,50,000 মেডিকেল কীট

author img

By

Published : Apr 16, 2020, 3:39 PM IST

নিউজ ডেস্ক, 16 এপ্ৰিলঃ চীনে মঙলবাৰে ভাৰতলৈ প্ৰেৰণ কৰিছে 6,50,000 কৰ'ণা ভাইৰাছৰ মেডিকেল কীট । ভাৰতীয় চীনা দূত বিক্ৰম মিশ্ৰীয়ে এই কথা প্ৰকাশ কৰে ।

আনহাতে অহা পষেকৰ ভিতৰত চীনে দুই মিলিয়ন কীট ভাৰতলৈ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰে । চীনত দুমাহৰ পিচত উদ্যোগ সমূহ মুকলি কৰা হৈছে আৰু তাৰ পাচতেই ব্যৱসায়িক লাভৰ প্ৰতি দৃষ্টি ৰাখি চীনে অধিক পৰিমাণে চিকিৎসা সামগ্ৰী প্ৰস্তত কৰাত ব্যস্ত হৈ পৰিছে ।

বিক্ৰম মিশ্ৰীয়ে জনোৱা অনুসৰি ভাৰতে চীনক 15 মিলিয়ন পাৰ্চনেল প্ৰটেকচন সামগ্ৰীৰ বাবে অৰ্ডাৰ দিছে । চীনা চৰকাৰৰ সহযোগত এখন ফাৰ্মত দিয়া হৈছে এই অৰ্ডাৰ ।

ভাৰতত লক ডাউন 3 মে'লৈ বৃদ্ধি কৰিছে । বৰ্তমানলৈ ভাৰতত 12,380 জন লোক COVID-19 ত আক্ৰান্ত হৈছে আৰু 414 জন লোকৰ মৃত্যু হৈছে ।

লগতে চাওকঃ লক ডাউনে বিড়ী উদ্যোগৰ শ্ৰমিকৰ জীৱিকালৈ আনিছে শংকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.