ETV Bharat / bharat

বিশ্বজুৰি বিয়পিছে কৰ'ণা ভাইৰাছঃ ক'ত কিমান আক্ৰান্ত হৈছে সবিশেষ

author img

By

Published : Mar 7, 2020, 3:12 PM IST

চীনৰ হুবেই প্ৰদেশত আৰু কোনো ঘটনা পৰিলক্ষিত হোৱা নাই বিগত সপ্তাহটোত ৷ আনহাতে এই মূহুৰ্তলৈকে হুবেই প্ৰদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ নতুনকৈ 28 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উহানত 21 জন লোকৰ মৃত্যু হৈছে ৷ চীন চৰকাৰৰ তথ্য অনুসৰি প্ৰদেশখনৰ মূল ভূখণ্ডত আৰম্ভণিৰ পৰা এতিয়ালৈকে মুঠ 3070 জন লোকৰ মৃত্যু হৈছে আৰু 80,651 জন লোক আক্ৰান্ত হৈছে ৷

চীনৰ হুবেই প্ৰদেশত আৰু কোনো ঘটনা পৰিলক্ষিত হোৱা নাই বিগত সপ্তাহটোত

বেইজিং, 7 মাৰ্চঃ ঘাতক কৰ'ণা ভাইৰাছত এই পৰ্যন্ত সমগ্ৰ বিশ্বতে আক্ৰান্ত হৈছে 1 লাখ লোক ৷ কিন্তু এই ভাইৰাছৰ মূল উৎপত্তিস্থল চীনত লক্ষণীয়ভাৱে আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাই শনিবাৰলৈকে মাত্ৰ 99 টা ভাইৰাছ আক্ৰান্ত ঘটনাৰ খবৰ পোৱা গৈছে ৷ তথ্যনুসৰি চীনত জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে প্ৰথমবাৰৰ বাবে 100তকৈ কম ঘটনা লিপিবদ্ধ হৈছে ৷ চীনৰ চৰকাৰী স্বাস্থ্য আয়োগে জনোৱা জনোৱা অনুসৰি হুবেই প্ৰদেশৰ ৰাজধানী উহানত নতুনকৈ 74 জন লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ৷ য'ত কৰ'ণা ভাইৰাছৰ উৎপত্তিস্থল বুলি কোৱা হয় ৷

China COVID-19 cases fall below 100 as world total crosses 1,00,000
বিশ্বজুৰি বিয়পিছে কৰ'ণা ভাইৰাছঃ ক'ত কিমান আক্ৰান্ত হৈছে সবিশেষ

দ্বিতীয় দিনা চীনৰ হুবেই প্ৰদেশত আৰু কোনো ঘটনা পৰিলক্ষিত হোৱা নাই বিগত সপ্তাহটোত ৷ আনহাতে এই মূহুৰ্তলৈকে হুবেই প্ৰদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ নতুনকৈ 28 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উহানত 21 জন লোকৰ মৃত্যু হৈছে ৷ চীন চৰকাৰৰ তথ্য অনুসৰি প্ৰদেশখনৰ মূল ভূখণ্ডত আৰম্ভণিৰ পৰা এতিয়ালৈকে মুঠ 3070 জন লোকৰ মৃত্যু হৈছে আৰু 80,651 জন লোক আক্ৰান্ত হৈছে ৷

শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাই সকলো দেশকে এইক্ষেত্ৰত সষ্টম থাকিবলৈ নিৰ্দেশ দিছে৷ যাতে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুজিব পৰাকৈ সাজু থাকে যিকোনো পৰিস্থিতিত ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক জেনেৰেল টেড্ৰছ আদানমে কয় যে,সকলো দেশে কৰ'ণা ভাইৰাছৰ পৰা বাচি থাকিবলৈ হ'লে ইয়াক অগ্ৰাধিকাৰ দিব লাগিব ৷ ইফালে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন বিভাগৰ কাৰ্যবাহী সঞ্চালক মাইক ৰিয়ানে কয় যে লাহে লাহে বিশ্বজুৰি এই বিপদৰ শংকা কমি আহিব আৰু ই এটা সময়ত নিষ্ক্ৰিয় হৈ পৰিব ৷ তাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব ৷ কিন্তু শুকুৰবাৰে ৰিয়ানে কৈছিল যে এতিয়াও এই ভাইৰাছ সংক্ৰমিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ প্ৰকোপ অব্যাহত আছে ৷ তেওঁ আৰু কয় যে, ই শীঘ্ৰেই নাশ হ'ব বুলি ভাবিলেও আমি ভুল কৰা হ'ব ৷

শনিবাৰ পৰ্যন্ত বিশ্বজুৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা ঘটনাৰ সংখ্যা আছিল সমগ্ৰ পৃথিৱীতে 1,01,492 আৰু ইয়াৰ ভিতৰত 3,485 জন লোকৰ মৃত্যু হৈছে ৷ এছ চি এন পিৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ বিভিন্ন দেশৰ এই পৰ্যন্ত কৰ'ণা ভাইৰাছ সম্পৰ্কীয় ঘটনা পোৱা গৈছে এনেধৰণৰ-

দক্ষিণ কোৰিয়া,(6,767), ইৰাণ(4,747),ইটালী (4,636),জাপান (1,103,ডায়মণ্ড প্ৰিন্সেছ সহ 696 জন লোক),জাৰ্মানী (639),ফ্ৰান্স (423),স্পেইন(374), আমেৰিকা (329), ছুইজাৰলেণ্ড (181), লণ্ডন(163), ছিংগাপুৰ (130),বেলজিয়াম (109),হংকং (107),ছুইডেন(101),নৰৱে (86),মালয়েছিয়া (83),নেদাৰলেণ্ড (82),অষ্ট্ৰেলিয়া (63), কুৱেইট (58),বাহৰেইন(56), অষ্ট্ৰিয়া (55), কানাডা(51),থাইলেণ্ড (47),টাইৱান(45),সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ (45),গ্ৰীছ(32),ভাৰত (31),ইৰাক(26),আইচলেণ্ড (26),চান মাৰিন' (23),ডেনমাৰ্ক(18), আলজেৰিয়া (17),ভিয়েটনাম(16),অমান (16),লেবানন (16),ইজৰাইল (15),ইজিপ্ত(15),আয়াৰলেণ্ড(13),ইকুৱেডৰ(13),ফিনলেণ্ড(12),চেক গণৰাজ্য (12),মাকাও (10),ক্ৰৱেছিয়া (10),পৰ্টুগাল(9),জৰ্জিয়া (9),ব্ৰাজিল(8),কাটাৰ(8),পেলেষ্টাইন(7),ৰোমানিয়া(6),শ্লভেনিয়া(6),বেলাৰুছ(6),পাকিস্তান (6),চিলি(5),ফিলিপাইনছ(5),মেক্সিক'(5),নিউজিলেণ্ড (5),ৰাছিয়া(4),ইণ্ডোনেছিয়া(4),চেনেগাল(4),আজাৰবাইজান (3),হাংগেৰী(3),এষ্টনিয়া(3),ডমিনিচিয়ান যুক্তৰাজ্য(2),বচনিয়া হাৰগেজভেনিয়া(2),আৰি কলম্বিয়াৰ,নাইজেৰিয়া,পোলেণ্ড,নেপাল,মৰক্কো,মনেক' আদি ৰাষ্ট্ৰ সমূহত এজনকৈ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

লগতে চাওকঃ

পথ নিৰ্মাণত অনিয়মৰ অভিযোগ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.