তেজপুৰ, ৭ ছেপ্টেম্বৰ : চীনৰ বৈদেশিক মন্ত্ৰীৰ মুখপাত্ৰ ঝাও লিজিনে সোমবাৰে কয় যে, অৰুণাচল প্ৰদেশৰ বিষয়ে চীনে উত্তৰ দিয়াৰ কোনো প্ৰয়োজনবোধ নকৰে কাৰণ অৰুণাচল প্ৰদেশ চীনে দক্ষিণ তিব্বতৰ অংশ বুলি বিবেচিত কৰে আৰু অৰুণাচল প্ৰদেশৰ যুৱকক এৰি দিবলৈ ভাৰতীয় সৈন্যই হটলাইন মেছেজৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই । এই তথ্য চীনৰ চৰকাৰী সংবাদ পত্ৰ গ্লোবেল টাইমছ আজি বিয়লি টুইট কৰে ।
ইয়াৰ লগে লগে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে এই টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, "চীনা কমিউনিষ্ট পাৰ্টিক কোন হয় অৰুণাচল প্ৰদেশ আৰু ভাৰতৰ বিষয়ে মন্তব্য কৰিবলৈ । অৰুণাচল প্ৰদেশৰ বিষয়ে কবলৈ তেওঁলোকৰ কোনো অধিকাৰ নাই ।"
কেন্দ্ৰীয় খেল মন্ত্রী অৰুণাচল প্ৰদেশৰ পশ্চিম সংসদীয় সমষ্টিৰ সাংসদ কিৰেন ৰিজিজুয়ে দেওবাৰে এক টুইট যোগে জনাইছিল যে, যোৱা ৩ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত নাচু ভাৰত -চীন সীমান্তৰ পৰা ৫ জন অৰুণাচলৰ যুৱকক ৰঙা চীনৰ পি এল এ সেনাই সীমান্তৰ পৰা বন্দী কৰি লৈ যোৱাৰ পাছত ভাৰতীয় সৈন্যই সীমান্তত হটলাইন মেছেজ প্ৰেৰণ কৰিছে ভাৰতীয় সেনাৰ হাতত গতাই দিবলৈ অপেক্ষা চীনা কাউণ্টাৰ পাৰ্টলৈ ।
ৰিজিজুয়ে তেওঁৰ টুইটাৰত উল্লেখ কৰে যে, ভাৰতীয় সেনাই সীমান্তৰ চীনা সৈন্যৰ এই মেছেজৰ বাবে অপেক্ষা কৰিছে । উল্লেখযোগ্য যে পূব অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাৱে ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ ডাপৰিজোৰ বিভিন্ন অঞ্চলত চীনা সৈন্যই আগ্ৰাসন কৰি আহিছে আৰু নাছো পোষ্টলৈ অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে আৰু সোনকালে অৰুণাচল প্ৰদেশৰ যুৱক কেইজনক ভাৰতলৈ ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে সকলোৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰায়োজন ।
লগতে পঢ়ক: হাইপাৰছোনিক প্ৰযুক্তিগত ডেমো বাহনৰ সফল পৰীক্ষণ ডিআৰডিঅ'ৰ