নিউজ ডেস্ক, ২৪ জুলাইঃ লাডাখৰ পাচত হিমাচল প্ৰদেশৰ কিন্নোৰত এতিয়া চকু চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ। হিমাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ ওচৰত থকা No-Mans-Landত পথ নিৰ্মাণ কৰা বুলি শুকুৰবাৰে মত প্ৰকাশ কৰে হিমাচল প্ৰদেশৰ কিন্নোৰ জিলাৰ একাংশ গাঁওবাসীয়ে । কিন্নোৰ জিলাৰ ছৰংগ গাঁৱৰ ৯ গৰাকী ব্যক্তিৰ এটা দলে তেখেতসকলৰ গাঁৱৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দুৰত্বত ঘোৰাগাড়ীৰ সহায়ত সেনা বাহিনীৰ সৈতে চীনৰ সীমান্তত উপস্থিত হয়। আৰু তেতিয়াই দলটোৱে ভাৰত-চীনৰ সীমান্তৰ No-Mans-Landত প্ৰায় ২০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰে বুলি সদৰি কৰে। এই পথৰ জৰিয়তে বাফাৰ জ'ন বা কোনো ব্যক্তিক স্থলভাগৰে প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰাৰ আংশাকা থকা বুলি মত প্ৰকাশ কৰে গাঁওবাসীয়ে ।
![ভাৰত-চীন সীমান্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:57:02:1595590022_8150537_o.jpg)
লগতে দলটোৱে কয় যে,বিগত বৰ্ষৰ অক্টোবৰত ভাৰত-চীন সীমান্তৰ No-Mans-Landত অন্তিম তিব্বতীয় গাঁও টেংগোটত কেৱল এটা পথেই আছিল । কিন্তু চীনে No-Mans-Landত প্ৰায় ২০ কিলোমিটাৰ বঢ়াইছে বুলিও জানিবলৈ দিয়ে গাঁওবাসীয়ে । আনহাতে,কিন্নোৰৰ সাংগলা ঘাটীৰ চিতকুলৰ পিছভাগত,যমৰাগ লাৰ পৰা চীনে পথ নিৰ্মাণ আৰম্ভ কৰিছে । তাৰোপৰি ভাৰতৰ সীমান্তৰ বাসিন্দাৰ মন্তব্য অনুসৰি উক্ত অঞ্চলত নিশা কেতিয়া ড্ৰোণ প্ৰত্যক্ষ কৰে বুলিও জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বেও বিগত ৮ জুনত বৌদ্ধ ভিক্ষৰাৰ চৰংগৰ সমীপৱৰ্তীত ৰংগৰিক তুম্মাত প্ৰায় ২০ টা ড্ৰোণ প্ৰত্য়ক্ষ কৰা বুলি জানিবলৈ দিয়ে স্থানীয় বাসিন্দাই ।
লগতে চাওকঃ শূণ্য সহনশীলতাঃ দুৰ্নীতিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ চিঠি জ্যেষ্ঠ বিজেপি নেতাৰ