ETV Bharat / bharat

মহামাৰী COVID-19 ৰ সময়ত শিশুৰ মানসিক স্বাস্থ্যৰ বুজ লওঁক অভিভাৱক সকলে - National Institute of Mental Health and Neuro Sciences

COVID-19 ক মহামাৰী হিচাপে ঘোষণা কৰিছে বিশ্ব স্থাস্থ্য সংস্থাই । যাৰ বাবে বিশ্ব জনসাধৰণৰ ওপৰত মানসিক আৰু শাৰীৰিক প্ৰভাৱ পৰিছে । National Institute of Mental Health and Neuro Sciences য়ে এই লেখনিৰ জৰিয়তে শিশু সকলৰ মানসিক স্বাস্থ্যৰ ওপৰত যত্ন ল'বলৈ অভিভাৱক সকললৈ মন্তব্য আগবঢ়ায় ।

মহামাৰী COVID-19
মহামাৰী COVID-19 ৰ সময়ত শিশুৰ মানসিক স্বাস্থ্যৰ বুজ লওক অভিভাৱক সকলে
author img

By

Published : Apr 3, 2020, 6:47 PM IST

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ বিশ্বব্যাপী ত্ৰাস সৃষ্টি কৰিছে COVID-19 য়ে । এই অপ্ৰতিৰোধ্য মহামাৰীৰ বাবেই শাৰিৰীক আৰু মানসিক উভয়ে জনসাধৰণৰ মাজত উদ্বেগ আৰু আতংকৰ সৃষ্টি কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত শিশুসকলৰ মানসিক স্বাস্থ্য প্ৰতি অসচেতন হোৱা দেখা গৈছে ।

সেয়হে লক ডাউনৰ সময়ছোৱাত যেতিয়া আমি সকলো ঘৰত থকা হৈছে, তেতিয়া আমি আমাৰ শিশুসকলৰ ওপৰত নজৰ দিয়াটো আমাৰ মুখ্য ভূমিকা ।

National Institute of Mental Health and Neuro Sciences য়ে সেয়হে মাতৃ-পিতৃৰ বাবে কিছু পৰামৰ্শ আগবঢ়ায় । সেয়া হ'ল......

আপোনাৰ শিশুক আশ্বাস দিয়ক

আপোনাৰ শিশুক আশ্বাস প্ৰদান কৰক আৰু তেওঁলোকলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে মহামাৰী সম্বন্ধীয় সকলো বাৰ্তা দি থাকক । তেওঁলোকৰ সৈতে বেছি সময় অতিবাহিত কৰক ।

শিশু সকলক তেওঁলোকৰ বন্ধুৰ সৈতে ঘনিষ্ট ৰাখক

এইটো সময় ডিজিটেলৰ সময় । যাৰ বাবে শিশুসকলক ফোন কল তাৰপৰি ভিডিঅ' কলৰ জৰিয়তে তেওঁলোকৰ বন্ধু সকলৰ লগত সম্পৰ্ক ঘনিষ্ঠ কৰিবলৈ যত্ন লওঁক ।

শিশুসকলক সচেতন ৰাখক

শিশু সকলকে জনা উচিত যে, সমগ্ৰ বিশ্বজুৰি কি হৈ আছে । বহলাই নকলেও বিশ্বৰ সমগ্ৰ পৰিৱেশ সন্দৰ্ভত সম্যক জ্ঞান থকাটো প্ৰয়োজন । WHO, CDC, UNICEF ৰ ৱেবচাইটত অন্তৰ্ভুক্ত গ্ৰাফিক্স ব্যৱহাৰ কৰি পৰিৱেশ সম্বন্ধীয় তথ্য দিবলৈ প্ৰয়াস কৰক ।

তেওঁলোকৰ চিন্তাৰ যন্ত লওক

ঘৰত আবদ্ধ হৈ থকা বাবে শিশুসকলৰ মাজত নিশ্চয়কৈ চিন্তাই আগুৰি ধৰিব । যাৰ বাবে শিশুসকক এই পৰিস্থিতিৰ লগত সহজ কৰি দিবলৈ তেওঁলোকৰ লগত কথা পাতক ।

ঘৰত শিকাওক শিশুসকলক

লক ডাউনৰ বাবেই বন্ধ হৈ আছে বিদ্যালয়সমূহ । যাৰ বাবে শিশুসকলক ঘৰতেই পাঠ্যপুথি অধ্যয়ন কৰাবলৈ যন্ত কৰক। লগতে তেওঁলোকৰ মনোৰঞ্জনৰ বাবে সাধু শুনোৱাৰ উপৰিও খেল-ধেমালি কৰক । খেল-ধেমালিয়ে তেওঁলোকৰ মস্তিষ্ক সুস্থ কৰি ৰাখিব ।

সু-স্বাস্থ্য হৈ থকাটো জৰুৰী

আপোনালকৰ শিশুৰ সু-স্বাস্থ্য বাবে তেওঁলোকক যোগাভ্যাস, এৰোবিক্স, স্ত্ৰেটচিং উপৰিও ব্যায়াম কৰাবলৈ যন্ত কৰক । তেনে কৰিলে শিশু সকল ঘৰৰ ভিৰৰতে আবদ্ধ থাকিলেও তেওঁলোক সুস্থ হৈ থকাত সহায় কৰাৰ লগতে মানসিকভাৱেও সুস্থ থাকিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.