নিউজ ডেস্ক, 2 জুলাইঃ কোনো বাইক আৰোহী বা গাড়ী চালকক ট্ৰেফিৰ নিয়ম উলংঘা কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰাতো কোনো ধৰণৰ নতুন বিষয় নহয় ৷ আনকি জৰিমণা ভৰাটোও কোনো অস্বাভাৱিক বিষয় নহয় সাধাৰণ লোকৰ ক্ষেত্ৰত ৷ কিন্তু ট্ৰেফিক আইন উলংঘা কৰাৰ বাবে মুৰ্গীক তদন্তৰ আওতালৈ অনাৰ বিষয়ে বাৰু আপুনি কেতিয়াবা শুনিছেনে ? আচহুৱা যেন লাগিলেও এনে ঘটনা সংঘটিত হৈছে ব্ৰিটেইনত ৷
বহু বছৰ পূৰ্বৰ ঘটনা ৷ ব্ৰিটেইনৰ ডুন্দিৰ ইষ্ট মাৰ্কেটগেট এলেকাৰ এটা ব্যস্ত পথত ঘূৰি ফুৰিছিল এটা মুৰ্গী ৷ এই দোষ জানো ক্ষমাৰ যোগ্য ? লগে লগে আৰক্ষীৰ লোক আহি আটক কৰে মুৰ্গীটো ৷
ইয়াৰ পিচতেই এই ঘটনাই দখল কৰে সংবাদ মাধ্যমৰ শিৰোনাম ৷ এক স্থানীয় সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, এই মুৰ্গীটো বহু দিনৰে পৰাই একাংশ গাড়ীচালকৰ বাবে উদ্ধেগৰ কাৰণ হৈ আহিছিল ৷ সেই বাবেই মুৰ্গীটো আৰক্ষীয়ে আটক কৰে ৷
পৰৱৰ্তী সময়ত মুৰ্গীটো যাতে পলাই নাযাই তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে ৷ স্কটিছ চ'ছাইটী ফৰ দ্য় প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটী টু এনিমেল নামৰ এটা পশুপ্ৰেমী সংস্থাক আৰক্ষীয়ে মুৰ্গীটো গতাই দিয়ে ৷ মুৰ্গীটোৰ মালিক বিচাৰি নহা পৰ্যন্ত, মুৰ্গীটোক সেই সংস্থাত চোৱাচিতা কৰাৰ বাবে গতাই দিছিল আৰক্ষীয়ে ৷
লগতে পঢ়কঃ ভিন্ন সুৰৰ সুহুৰিৰে ভৰা মেঘালয়ৰ এখন গাঁও