তেজপুৰ, 2 জানুৱাৰী : নৱবৰ্ষৰ প্ৰথমতেই চীনা সীমান্তত মোতায়েন হৈ থকা সৈনিকসকলৰ সৈতে দিন উদযাপন কৰিলে ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম সীমান্তৰ অতিকে স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে জেনেৰেল ৰাৱাটে ৷

তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল পি খোনচাই এই কথা প্ৰকাশ কৰিছে ৷ অৰুণাচলৰ পূৰ্বৱৰ্তী পশ্চিম সীমান্তত শনিবাৰে স্থলসেনাৰ বিশেষ হেলিকপ্টাৰযোগে উপস্থিত হয় জেনেৰেল ৰাৱাট ৷ চিডিএছ ৰাৱাটৰ এই যাত্ৰাত সংগ দিয়ে ডিমাপুৰস্থিত 3 ক’ৰৰ জিঅচি’ লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাই ৷

দুয়োগৰাকী শীৰ্ষ বিষয়াই আনিনিস্থিত স্থলসেনাৰ 2য় মাউন্টেইন ডিভিজন (ডাও ডিভিজনৰ অসম ৰেজিমেন্ট, বিহাৰ ৰেজিমেন্ট আৰু গোৰ্খা ৰেজিমেন্ট আৰু মাৰাথা ৰেজিমেন্টৰ সৈনিকসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

ইয়াৰ উপৰিও চিডিএছ ৰাৱাটে বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ অধীনস্থ ডিবাং ভেলী আৰু লোহিত ছেক্টৰৰ বায়ুসেনা চাউনীৰ লগতে আইটিবিপি আৰু এছএফএফ বিকাশ ৰেজিমেন্টৰ চাউনীসমূহো পৰিদৰ্শন কৰে ৷

এই পৰিদৰ্শন কালত চিডিএছে নিৰীক্ষণ আৰু তৎপৰতাৰ ক্ষেত্ৰত ভাৰতীয় সৈনিকসকলে গ্ৰহণ কৰা উদ্ভাৱনীমুলক পদ্ধতিসমূহৰ সুক্ষ্ম নিৰীক্ষণ কৰাৰ লগতে সকলো জোৱান-বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ চিডিএছে ভাৰতীয় সৈনিকসকলেই বিশ্বৰ একমাত্ৰ সৈনিক যিয়ে এনেকুৱা প্ৰত্যাহ্বানমুলক পৰিৱেশ আৰু পৰিস্থিতিতো নিষ্ঠাৰে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিবলৈ সক্ষম বুলি কয় ৷

এই ভ্ৰমণকালত দুয়োগৰাকী বিষয়াই সোৱণশিৰি ভেলীও পৰিদৰ্শন কৰে ৷ আনহাতে শীতৰ সময়ত সীমান্তত অধিক হাৰে সেনাবাহিনী মোটায়েন কৰা আৰু সম্পূৰ্ণ তৈয়াৰ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে চিডিএছ জেন. ৰাৱাটে ৷
লগতে পঢ়ক : অসম ৰাইফলছৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিদ্যালয়