ETV Bharat / bharat

জম্মু কাশ্মীৰ পুনৰ গঠন নকৰিবঃ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নিৰপেক্ষ ভূমিকা - পুনৰ গঠন

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আন্তোনিও গুতেৰেচেৰ জম্মু কাশ্মীৰ পুনৰ গঠন বিষয়টোৰ বিৰোধিতা , পাকিস্তানক কাশ্মীৰত থকা তেওঁলোকৰ নাগৰিকক প্ৰত্যাহাৰ কৰাৰ আহ্বান, ৰাষ্ট্ৰসংঘৰ চনদ আৰু নিৰাপত্তা পৰিষদৰ কাৰ্যকৰী প্ৰস্তাৱত জম্মু কাশ্মীৰ সম্পৰ্কে উল্লেখ থকা দফা সমূহেই হৈছে ৰাষ্ট্ৰসংঘৰ স্থিতি ৷

জম্মু কাশ্মীৰ পুনৰ গঠন নকৰিবঃ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নিৰপেক্ষ ভূমিকা
author img

By

Published : Aug 9, 2019, 10:02 AM IST

নিউজ ডেক্স, 09 আগষ্টঃ বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আন্তোনিও গুতেৰেচে জম্মু কাশ্মীৰ পুনৰ গঠন বিষয়টোৰ বিৰোধিতা কৰাৰ লগতে নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ সমূহক সমৰ্থন কৰি কাশ্মীৰত থকা সকলো পাকিস্তানী নাগৰিকক উভতাই অনাটো প্ৰয়োজন বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, ৰাষ্ট্ৰসংঘৰ চনদ আৰু নিৰাপত্তা পৰিষদৰ কাৰ্যকৰী প্ৰস্তাৱত জম্মু কাশ্মীৰ সম্পৰ্কে উল্লেখ থকা কথা সমূহেই বিষয়টোৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘৰ স্থিতি স্পষ্ট কৰে ৷

নিৰাপত্তা পৰিষদৰ 47 নম্বৰ দফাত স্পষ্টকৈ উল্লেখ আছে যে , কাশ্মীৰী লোকক লৈ এই সম্পৰ্কে এক জনমত গ্ৰহণৰ ব্যৱস্থা কৰিব লাগে , সেয়ে পাকিস্তানে কাশ্মীৰত থকা তেওঁলোকৰ নাগৰিকক প্ৰত্যাহাৰ কৰা প্ৰয়োজন ৷ কিন্তু কাশ্মীৰৰ এক উল্লেখযোগ্য অংশ পাকিস্তানে দখল কৰি ৰখা বাবে জনসাধাৰণৰ মাজত এই মতামত বা গণভোট অনুষ্ঠিত কৰাটো অসম্ভৱ হৈ আছে ৷

একে সময়তে তেওঁ ভাৰত অধিকৃত কাশ্মীৰত থকা বিভিন্ন নিষেধাজ্ঞাৰ বাবে সংঘটিত হোৱা মানৱ অধিকাৰ উলংঘনৰ ঘটনা সমূহৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰে ৷

ইয়াৰোপৰি সচিব প্ৰধান গৰাকীয়ে 1972 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হোৱা দ্বিপাক্ষিক চুক্তি অৰ্থাৎ ছিমলা চুক্তিৰ প্ৰসংগ উল্লেখ কৰি কয় যে, ৰাষ্ট্ৰসংঘৰ চনদত থকাৰ দৰে ছিমলা চুক্তিটো জম্মু কাশ্মীৰৰ বিবাদ মীমাংসাৰ ক্ষেত্ৰত দুয়োখন দেশে শান্তিপূৰ্ণ সমাধান বিচাৰে বুলি উল্লেখিত আছে ৷

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.