নিউজ ডেস্ক,১৭ জুনঃ ছত্তীশগড়ৰ কনকাৰ জিলাৰ ভাৰতীয় সেনা জোৱান গনেশ কুনজামে মঙলবাৰে লাডাখত চীনা সন্যৰ লঘত সংঘষৰ ফলত স্বহীদ হয় দেশ মাতৃৰ বাবে ।
![ছত্তীশগড়ৰ এজন ভাৰতীয় সেনা জোৱান শ্বহীদ লাডাখত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:18_7649311_chh.jpg)
উল্লেখযোগ্য যে গণেশ কুনজাম ঘৰখনৰ একমাত্ৰ ল'ৰা আছিল । ২০১১ চনত ভাৰতী সেনা বাহিনীত যোগদান কৰিছিল তেওঁ এমাহৰ আগতে ভাৰত চীনা সীমান্তলৈ প্ৰেৰণ কৰা হৈছিল কুনজামক। গনেশৰ খুৰাকে কয় যে মঙলবাৰে বিয়লি ভাগত সেনা বাহিনীৰ পৰা পৰিয়ালক জনোৱা হয় গনেশ কুনজাম দেশৰ কাৰণে শ্বহীদ হয় বুলি খবৰ পাই পৰিয়ালৰ লোক শোকত ভাঙি পৰে যদিও নিজৰ দেশ মাতৃৰ বাবে শ্বহীদ হোৱাৰ কাৰণে গৌৰৱ বোধ কৰে ।
ইপিনে প্ৰশাসন আৰু আৰক্ষী কোনোধৰণৰ খবৰ পোৱা নাছিল সেনা জোৱানজন লাডাখত শ্বহীদ হোৱাৰ। পৰিয়ালৰ লোকৰ ফোন কলৰ জৰিয়তে যোগাযোগ হোৱাৰ পিছতে আৰক্ষীয়ে জানিব পাৰে ।
লগতে চাওকঃ পাৰিবাৰিক বিবাদৰ পৰিণতি:হত্যাৰ চেষ্টা যুৱকক