ETV Bharat / bharat

ছত্তীশগড়ত পুনৰ নক্সালপন্থীৰ হাতত মৃত্যু CAF জোৱানৰ

author img

By

Published : Sep 18, 2020, 5:03 PM IST

ছত্তীশগড়ত পুনৰ নক্সালপন্থীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এজন চিএএফ জোৱানে ৷ মৃত জোৱানজন মল্লুৰাম সুৰ্যবংশী বুলি চিনাক্ত কৰা হৈছে ৷

মল্লুৰাম সুৰ্যবংশী নামৰ জোৱানজনক অপহৰণ কৰি হত্যা নক্সালপন্থীৰ
ছত্তীশগড়ত পুনৰ নক্সালপন্থীৰ হাতত মৃত্যু CAF জোৱানৰ

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ : ছত্তীশগড়ত পুনৰ নক্সালপন্থীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এজন চিএএফ জোৱানে ৷ ছত্তীশগড়ৰ বিজাপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষী বিভাগে শুকুৰবাৰে জানিবলৈ দিয়া অনুসৰি,এই অঞ্চলটোত এটা মাহৰ ভিতৰত 8 জন প্ৰতিৰক্ষা বিভাগৰ লোকে প্ৰাণ হেৰুৱাইছে ৷

উল্লেখ্য যে,মৃত জোৱানজনক তয়নাৰ গাঁৱত মোতায়েন কৰা হৈছিল ৷ প্ৰায় পাঁচ দিন পূৰ্বে নক্সালপন্থীয়ে জোৱানজনক অপহৰণ কৰি নিছিল আৰু পৰৱৰ্তী পৰ্যায়ত গংগালুৰ-বিজাপুৰ পথৰ পাদেৰা অঞ্চলত মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷

মৃত জোৱানজন মল্লুৰাম সুৰ্যবংশী বুলি চিনাক্ত কৰা হৈছে ৷ মৃতদেহৰ স্থানৰ পৰা এক সতৰ্কবাণী পত্ৰও উদ্ধাৰ কৰা হৈছে ৷ সেই পত্ৰখন অনুসৰি, গংগালুৰ কমিটিয়ে এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে সেই অঞ্চলটো ঘেৰাও কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কেন্দ্ৰই কৰ'ণা আক্ৰান্ত স্বাস্থ্যকৰ্মীক উপেক্ষা কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.