ETV Bharat / bharat

5টকা মাননি লোৱা চেন্নাইৰ প্ৰখ্যাত চিকিৎসক ডাঃ থিৰুভেনগাদান আৰু নাই !

অতিকে কৰ্মনিষ্ঠ ডাঃ ভি থিৰুভেনগাদান, যাক সমগ্ৰ দেশেই ভ্যাসাৰপড়ীৰ পাঁচ-টকীয়া চিকিৎসক হিচাপে চিনি পাইছিল, চেন্নাইৰ দক্ষিণ ৰে'লৱে চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে দেশৰ প্ৰখ্যাত চিকিৎসকগৰাকীয়ে ৷ 1973 চনত তিনি টকাকৈ মাননি লৈ ৰোগীৰ চিকিৎসা আৰম্ভ কৰা ডাঃ থিৰুভেনগাদানে পৰৱৰ্তী সময়ত তেওঁৰ ৰোগীৰ দাবীত পাঁচ টকা মাননি হিচাপে লৈ আহিছিল ৷

চেন্নাইৰ প্ৰখ্যাত চিকিৎসক ডাঃ থিৰুভেনগাদান

author img

By

Published : Aug 16, 2020, 6:19 PM IST

নিউজ ডেস্ক, 16 আগষ্ট : চেন্নাইৰ প্ৰখ্যাত চিকিৎসক যিয়ে, বিগত দীৰ্ঘ সময়চোৱাত ৰোগীৰ পৰা মাননিৰ নামত মাত্ৰ পাঁচ টকাকৈ সংগ্ৰহ কৰি আহিছিল আৰু ভ্যাসাৰপড়ীৰ পাঁচ-টকীয়া চিকিৎসক হিচাপে সমগ্ৰ দেশতে জনাজাত হৈ পৰিছিল সেইগৰাকী মহান চিকিৎসকে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ অতিকে কৰ্মনিষ্ঠ এইগৰাকী ভ্যাসাৰপড়ীৰ পাঁচ-টকীয়া চিকিৎসক ডাঃ ভি থিৰুভেনগাদানে চেন্নাইৰ দক্ষিণ ৰে'লৱে চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আকোৱালি লয় দেশৰ প্ৰখ্যাত চিকিৎসকগৰাকীয়ে ৷

70 বৰ্ষীয় চিকিৎসকগৰাকীয়ে 1973 চনৰ পৰা ভি কল্যানাপুৰমত ক্লিনিক খুলি সমাজৰ প্ৰতিটো স্তৰৰ লোককে চিকিৎসা আগবঢ়াই আহিছিল ৷ প্ৰথম অৱস্থাত তেওঁ চিকিৎসাৰ বাবদ তিনি টকা মাননি লৈছিল যদিও পৰৱৰ্তী সময়ত ৰোগীৰ অনুৰোধত তিনি টকাৰ পৰা পাঁচ টকা মাননি লৈ আহিছিল ৷ চৰকাৰী ষ্টেনলি মেডিকেল কলেজৰ স্নাতক ডাঃ থিৰুভেনগাদানৰ নামত 2017 চনত তামিল ভাষাত 'Mersal' নামে এখন চিনেমাও নিৰ্মাণ হৈছিল আৰু তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা বিজয়ে ৷ এইখন চিনেমাৰ পিচতেই সমগ্ৰ দেশবাসীয়ে ডাঃ থিৰুভেনগাদানক চিনি পাইছিল ৷

মাদ্ৰাছ মেডিকেল কলেজত স্বাস্থ্য সেৱা আগবঢ়াই থকাৰ সময়ত তেওঁ কুষ্ঠৰোগীসকলৰ বিশেষ পৰিচৰ্যা কৰিছিল ৷ সেই সময়তে কুষ্ঠৰোগক এক ঘৃণাৰ চকুৰে চোৱা হৈছিল যদিও কোনোধৰণৰ উৎস আৰু সহায়তা অবিহনেই তেওঁ মানৱীয় ভাৱেৰে এইসকল ৰোগীক সেৱা আগবঢ়াইছিল ৷ মৃত্যুৰ সময়ত এইগৰাকী চিকিৎসকে পত্নীৰ লগতে পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে ৷

তেওঁৰ মৃত্যুত তামিলনাডুৰ মুখ্যমন্ত্ৰী ইডাপ্পাড়ী কে পালানিস্বামী, ডিএমকেৰ সভাপতি এমকে ষ্টেলিন, তেলেংগানাৰ গৱৰ্নৰ তামিলিছাই সুন্দৰৰাজনকে ধৰি বহুকেইজনে শোকপ্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ এনচিচিত অন্তৰ্ভূক্ত কৰা হ'ব 173খন সীমান্তৱৰ্তী, উপকূলীয় জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.