নিউজ ডেস্ক, ৫ মে' : কোভিড-১৯ মহামাৰীৰ সময়ত ৰাইজৰ সেৱাৰ্থে ব্যস্ত থকা এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ দেহত ধৰা পৰিছে এই মাৰাত্মক মহামাৰী ৰোগৰ ভাইৰাছৰ উপস্থিতি । এই বিষয়াগৰাকী হৈছে চেন্নাইৰ সহকাৰী আৰক্ষী আয়ুক্ত । বিগত ২ মে'ত বিষয়াগৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু মঙলবাৰে তেওঁৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে ।
বিষয়াগৰাকীয়ে বিগত সময়চোৱাত চেন্নাইৰ কোয়ামবেদু বজাৰ অঞ্চলত নিজৰ কৰ্তব্য সমাপন কৰি আছিল আৰু এই অঞ্চলটো পৰৱৰ্তী সময়ত কোভিড-১৯ হটস্পট হিচাপে ভৰি পৰিছিল । এনে সময়তে বিগত শনিবাৰে বিষয়াগৰাকী অসুস্থ হৈ পৰিছিল আৰু তেওঁৰ দেহত কোভিড-১৯ৰ লক্ষণে দেখা দিছিল । এনে অৱস্থাত তেজৰ তেজৰ নমুনা সংগ্ৰহ কৰা হয় আৰু মঙলবাৰে তেওঁৰ ফলাফল পজিটিভ পোৱা যায় ।
সদ্যহাতে বিষয়াগৰাকীক কিলপাক মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ কাৰ্যালয়টো ছেনিটাইজ কৰি দিয়া হৈছে ।
লগতে পঢ়কঃ বিশেষ নীতি-নিৰ্দেশনাৰ মাজেৰে তৃতীয় পৰ্যায়ৰ লক্ ডাউনত গুৱাহাটী মহানগৰ