ETV Bharat / bharat

প্ৰসংগ বিহাৰ নিৰ্বাচন : প্লুৰেল দলৰ প্ৰাৰ্থীক ৰাসায়নিক দ্ৰব্যৰে আক্ৰমণ - সংবাদমাধ্যম

দ্বিতীয় পৰ্যায়ৰ ভোটৰ বাবে প্ৰায় সাজু বিহাৰৰ জনতা ৷ প্লুৰেল দলৰ সমৰ্থিত প্ৰাৰ্থীক আক্ৰমণ অজ্ঞাত লোকৰ ৷ চিকিৎসালয়ত ভৰ্তি প্ৰাৰ্থী গৰাকীক ৷

Chemical ink attack on Plural Party candidate in Bihar
প্ৰসংগ বিহাৰ নিৰ্বাচনঃ প্লুৰেল দলৰ প্ৰাৰ্থীক ৰাসায়নিক দ্ৰব্যৰ আক্ৰমণ
author img

By

Published : Nov 2, 2020, 8:00 PM IST

নিউজ ডেস্ক, 2 নৱেম্বৰ : বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰায় সাজু হোৱাৰ প্ৰাকমূহুৰ্তত প্লুৰেল দলৰ সমৰ্থিত প্ৰাৰ্থী এ. ৰমেশৱাৰ সিঙ দেওবাৰে সন্ধিয়া এক আক্ৰমণৰ বলি হ'ব লগা হৈছে ৷ সন্দেহজনক লোকে প্ৰাৰ্থী গৰাকীৰ গাত ৰাসায়নিক সামগ্ৰী মৰাৰ ফলত নেতাজন আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷

সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি, প্ৰচাৰ অভিযানৰ পৰা উভতি অহাৰ সময়ত কোনোবা অজ্ঞাত লোকে তেওঁক আক্ৰমণ কৰে ৷ লগে লগে তেওঁক সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকে প্ৰাথমিক চিকিৎসা সমাপ্ত কৰাৰ পিচত চকুৰ কৰ্নিয়া ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব দিয়ে ৷

ইফালে, উক্ত ঘটনাৰ পিচতে দলীয় নেতাকৰ্মীয়ে ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহনা দি কয় যে, বিৰোধী দলে শেষত উপায় নোহোৱাৰ বাবে শাৰীৰিক আক্ৰমণ চলোৱা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : চিৰাঙত আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.