ETV Bharat / bharat

উৰা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান হায়দৰাবাদ আৰক্ষীৰ - উৰা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান হায়দৰাবাদ আৰক্ষীৰ

হায়দৰাবাদ আৰক্ষীয়ে ইয়াৰ লোকসকলক বিভিন্ন ধৰণৰ উৰাবাতৰিৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে ৷ চাইবৰাবাদ আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনা জাৰী কৰিছে আৰু উৰা বাতৰিৰ ওপৰত নজৰ ৰাখি থকা হৈছে বুলি প্ৰকাশ কৰিছে ৷

উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান হায়দৰাবাদ আৰক্ষীৰ

author img

By

Published : Apr 15, 2020, 11:21 AM IST

নিউজ ডেস্ক, 15 এপ্ৰিলঃ সমগ্ৰ দেশতে লকডাউনৰ সময়সীমা 3 মে’লৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এনে অৱস্থাত সাধাৰণ নাগৰিকৰ বাবে বিভিন্ন সমস্যাই দেখা দিলেই ৰাজ্যসমূহে এইক্ষেত্ৰত নিজাবৱীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত লকডাউনৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাসমূহ কাৰ্যক্ষম কৰি ৰখা হৈছে ৷ শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞা প্ৰদান কৰা হৈছে যদিও তাত সময়ৰ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ এনে অৱস্থাত সুৰা বিক্ৰীক লৈ বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰ হোৱাটো পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ চিনেমাৰ কায়দাৰে সুৰা সৰবৰাহকাৰীৰ পলায়নৰ চেষ্টা

এইক্ষেত্ৰত হায়দৰাবাদৰ চাইবৰাবাদ আৰক্ষীয়ে লোকসকলক সাৱধানবাণী প্ৰদান কৰিছে ৷ তেলেংগানাৰ বিভিন্ন অঞ্চলৰ লগতে হায়দৰাবাদত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত এতিয়ালৈকে নিষেধাজ্ঞা শিথিল কৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে,যদিও একাংশই উন্নত প্ৰযুক্তিৰ মাধ্যমেৰে এইক্ষেত্ৰত বিভিন্ন উৰা বাতৰি প্ৰচাৰ কৰিছে ৷ বিশেষকৈ সুৰাৰ ক্ষেত্ৰত হোম ডেলিভাৰী প্ৰদান কৰাৰ উৰা বাতৰি হায়দৰাবাদত কিছুদিনৰ পৰা প্ৰচাৰ হৈ আছে ৷

হায়দৰাবাদৰ চাইবৰাবাদ আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত (অপৰাধ শাখা) ৰোহিনী প্ৰিয়দৰ্শিনীয়ে সকলো ৰাইজক সজাগ থাকিবলৈ আহ্বান জনাইছে ৷ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, সুৰাৰ বিক্ৰী তথা যোগানৰ ক্ষেত্ৰত যিসমূহ তথ্য ৰাইজে লাভ কৰি আছে সেয়া উৰাবাতৰি বুলি নিশ্চিতি প্ৰদান কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে ৷ এইক্ষেত্ৰত ৰাইজক অধিক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে এইদৰে ভুৱা প্ৰৱঞ্চকৰ জালত নপৰিবলৈ আহ্বান জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ৷ এইসমূহ অপৰাধীয়ে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি জনসাধাৰণৰ মাজত ভুৱা তথ্য প্ৰচাৰ কৰি আহিছে আৰু এইক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে বুলি প্ৰকাশ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়কঃ খাদ্যৰ অভাৱত অৰুণাচলৰ দুৰ্গম গাঁৱত গছৰ পৰা তৈয়াৰ কৰিছে পৌৰাণিক খাদ্য

দেশৰ বিভিন্ন ৰাজ্যত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞা প্ৰদান কৰিলেও লকডাউনৰ সময়ছোৱাত তেলেংগানাত সুৰা বিক্ৰী কৰিবলৈ দিয়া নহ’ব বুলি ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে এসপ্তাহ পূৰ্বেই স্পষ্ট কৰি দিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.