ETV Bharat / bharat

তামিলনাডুৰ ত্ৰিচীত উদ্ধাৰ অগ্নিদগ্ধ নাবালিকাৰ মৃতদেহ

author img

By

Published : Jul 7, 2020, 10:37 AM IST

সোমবাৰে তামিলনাডুৰ ত্ৰিচীত উদ্ধাৰ হয় এগৰাকী অগ্নিদগ্ধ নাবালিকাৰ মৃতদেহ । ত্ৰিচীৰ ভূবনেশ্বৰী স্বামী মিলৰ সমীপত উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহটো । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

তামিলনাডু
তামিলনাডু

নিউজ ডেস্ক, ৭ জুলাইঃ তামিলনাডুৰ ত্ৰিচী জিলাৰ এট্টাৰাইত সোমবাৰে উদ্ধাৰ হয় নাবালিকাৰ মৃতদেহ । অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । আনহাতে, উদ্ধাৰ হোৱা ১৪ বছৰীয়া কিশোৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে জিলা আৰক্ষীয়ে । লগতে ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ এটি বিশেষজ্ঞৰ দল প্ৰেৰণ কৰাৰ উপৰিও শীঘ্ৰে দোষীক চিনাক্ত কৰি কৰায়ত্ত কৰিব বুলিও আশ্বাস প্ৰদান কৰে ত্ৰিচীৰ আৰক্ষী বিষয়া এনী বিজয়াই ।

নৱম মানৰ ছাত্ৰী গৰাকী সোমবাৰে আবেলিৰ পৰা ঘৰলৈ উভতি নহাত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বিচাৰ-খোচৰ আৰম্ভ কৰে । তাৰ পাচতে ভূবনেশ্বৰী স্বামী মিলৰ পাছফালে উদ্ধাৰ হয় কিশোৰী গৰাকীৰ জ্বলি থকা মৃতদেহটো ।

লগতে পঢ়ক : ৰাজস্থানৰ বাৰমেৰ হাস্পতালত মৃতদেহৰ কাষত ৰোগীৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.