নিউজ ডেস্ক, 30 ডিচেম্বৰ : বুধবাৰে ৰাতিপুৱাৰ ভাগত নিৰাপত্তা বাহিনীয়ে নিষ্ক্ৰিয় কৰিবলৈ লোৱা এটা আইইডি বিষ্ফোৰণ ঘটে ৷ বিষ্ফোৰণৰ ফলত ছত্তিশগড় সশস্ত্ৰ বাহিনীৰ এগৰাকী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ বিজাপুৰত উদ্ধাৰ হোৱা আইইডিটো নিৰাপত্তা বাহিনীয়ে নিষ্ক্ৰিয় কৰিবলৈ লোৱাৰ সময়তে ভুলবশতঃ বিষ্ফোৰণটো সংঘটিত হয় ৷
গংগালোৰ আৰক্ষী চকীৰ অন্তৰ্গত পাছনাৰ গাঁৱত ৰাতিপুৱাৰ ভাগত সংঘটিত হয় ঘটনাটো ৷ ছত্তিশগড় আৰক্ষীৰ ডিআৰজি, ছত্তিশগড় সশস্ত্ৰ বাহিনী আৰু চিআৰপিএফৰ এটা যুটীয়া দলে নিয়মীয়া তালাচী অভিযানৰ সময়তে উদ্ধাৰ কৰিছিল শক্তিশালী আইইডিটো ৷
ইফালে আঘাতপ্ৰাপ্ত হোৱা জোৱানগৰাকী ছত্তিশগড় সশস্ত্ৰ বাহিনীৰ 19 বেটালিয়নৰ ৰিতেশ পেটেল বুলি জনাইছে স্থানীয় আৰক্ষীয়ে ৷ ঘটনাৰ পিচতেই পেটেলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ অভিযানৰ সময়ত মুঠ তিনিটা আইইডি উদ্ধাৰ হোৱা বুলি জনায় ছত্তিশগড় আৰক্ষীয়ে ৷
লগতে পঢ়ক : পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী