নতুন দিল্লী, ১০ জুন: কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ শ্ৰমিকসকলক নিজ নিজ ৰাজ্যত কামত নিয়োজিত কৰিবলৈ শ্ৰমিকসকলৰ কৰ্মদক্ষতাৰ গুণাগুণ সম্পৰ্কে আলোচনা কৰে। কৌশল বিকাশ আৰু শিল্পদ্যোগ মন্ত্ৰণালয়ে উদ্য়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি শ্ৰমিকসকলৰ কৰ্মদক্ষতা বৃদ্ধিৰ অৰ্থে বিভিন্ন কৃত্ৰিম ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা স্থাপন কৰে আৰু ৰাষ্ট্ৰীয় কৌশল বিকাশ যোজনাৰ মাধ্যমেৰে ঔদ্যোগিক কাম আৰম্ভ কৰিছে ।
চৰকাৰী কৰ্তৃপক্ষই জনোৱা মতে,এই সিদ্ধান্তই উদ্যোগ আৰু শ্ৰমিক দুয়োটা দিশতে সহায়ক হৈ পৰিছে,কিয়নো ঔদ্যোগিক কামসমূহ পুনঃজীৱিত অৱস্থালৈ ঘূৰি আহিছে । এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য চৰকাৰে সহযোগিতাৰে কাম কৰি আছে বুলি কৌশল বিকাশ আৰু শিল্পদ্যোগৰ মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে সদৰী কৰে এই কথা ।
ইফালে উচ্চতম ন্যায়ালয়ে মঙলবাৰে লক ডাউনত আবদ্ধ সকলো শ্ৰমিকক ১৫ দিনৰ ভিতৰত নিজ নিজ গৃহ জিলালৈ পঠোৱাৰ ব্যৱস্থা কৰি দিবলৈ আৰু লগতে কৌশল বিকাশ যোজনাৰ অধীনত সকলো শ্ৰমিককে ৰোজগাৰ প্ৰদান কৰিবলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক আহ্বান জনায় ।
লক ডাউনৰ ফলত আবদ্ধ হৈ থকা উত্তৰ প্ৰদেশ,ঝাৰখণ্ড,বিহাৰ,ওড়িশা,ৰাজস্থান আৰু মধ্য প্ৰদেশৰ আদি ৰাজ্যসমূহত বিজুলী,নিৰ্মাণ শ্ৰমিক,ড্ৰাইভাৰ,ৰান্ধনী, দৰ্জী,চিকিৎসা কৰ্মী আদি বিভিন্ন ধৰণৰ শ্ৰমিকসকলে ইতিমধ্যে নিজ নিজ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য