ETV Bharat / bharat

পূৰ্বৰ তুলনাত চলিত বৰ্ষৰ প্ৰত্যক্ষ কৰ হ্ৰাসঃ বিত্ত মন্ত্ৰী - প্ৰত্যক্ষ কৰ

পূৰ্বৰ তুলনাত ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰ সংগ্ৰহ আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদন বহু পৰিমানে হ্ৰাস পাইছে । ২০১৯-২০ বৰ্ষত ১.৮৪ লাখ কোটি টকাৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল কিন্তু ২০১৮-১৯ বৰ্ষত মাত্ৰ ১.৬১ লাখ কোটি টকাৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

centre-tries-to-allay-concerns-over-lower-collections-lagging-investments

author img

By

Published : Jun 7, 2020, 5:32 PM IST

নিউজ ডেস্ক, ৭ জুন : পূৰ্বৰ তুলনাত ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰ সংগ্ৰহ আৰু দেশৰ মুঠ ঘৰুৱা উদপাদন বহু পৰিমানে হ্ৰাস পাইছে । দেওবাৰে দেশৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে এই তথ্য ।

বিত্ত মন্ত্ৰনালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি, সংবাদ মাধ্যমৰ প্ৰতিবেদনত ২০১৯-২০ বৰ্ষৰ ৰাজহ সংগ্ৰহ হ্ৰাস পোৱাৰ লগতে দেশৰ মুঠ ঘৰুৱা উৎপাদন বহু পৰিমানে হ্ৰাস পোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ।

প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, ২০১৯-২০ বৰ্ষত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ তুলনাত প্ৰত্যক্ষ কৰ সংগ্ৰহ বহু পৰিমানে হ্ৰাস পাইছে ।

মন্ত্ৰানালয়ৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছিল যে, ২০১৯-২০ বৰ্ষত ১.৮৪ লাখ কোটি টকাৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল কিন্তুু ২০১৮-১৯ বৰ্ষত মাত্ৰ ১.৬১ লাখ কোটি টকাৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

চৰকাৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে প্ৰস্তত কৰা বিভিন্ন আঁচনি আৰু বছৰি ৫ লাখতকৈ নিম্ন আয়ৰ লোকক প্ৰদান কৰা বিভিন্ন আঁচনিৰ বাবে চলিত বৰ্ষত ১.৪৪ লাখ কোটি টকা লোকচানৰ সন্মুখীন হোৱা বুলি মন্ত্ৰনালয়ৰ ফালৰ পৰা জনোৱা হয় ।

বিত্ত মন্ত্ৰনালয়ৰ ফালৰ পৰা আকৌ জনোৱা অনুসৰি, ২০১৯ বৰ্ষৰ ছেপ্তেম্বৰ মাহত কৰ জমা দিয়াৰ জাননী প্ৰেৰণ কৰিছিল আৰু আগন্তুক কেইমাহমানৰ ভিতৰত সুফল পাব বুলি আশাবাদী আছিল ।

লগতে পঢ়ক : কৰিমগঞ্জত মৰেল পুলিচগিৰি: এজনক গণপ্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.