ETV Bharat / bharat

ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে বড়ো সকলক কেন্দ্ৰই দিব ৰাজনৈতিক, অৰ্থনৈতিক সুবিধা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসম চৰকাৰ আৰু শান্তি আলোচনাপন্থী এনডিএফবিৰ সৈতে স্বাক্ষৰিত হ’ব ত্ৰিপাক্ষিক চুক্তি ৷ য'ত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

author img

By

Published : Jan 27, 2020, 1:24 PM IST

তৃতীয় বড়ো চুক্তি
তৃতীয় বড়ো চুক্তি

নিউজ ডেস্ক, 27 জানুৱাৰীঃ আজি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ সৈতে স্বাক্ষৰিত হ’ব শান্তি আলোচনাপন্থী এনডিএফবিৰ তৃতীয়খন বড়ো চুক্তি ৷ আশা কৰা হৈছে এই চুক্তিৰ জৰিয়তে বড়ো জনজাতিক প্ৰদান কৰা হ’ব বিশেষ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা ৷

এই সন্দৰ্ভত গৃহমন্ত্ৰণালয়ে এক সংবাদ বিজ্ঞপ্তি দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে ৷ গৃহমন্ত্ৰী অমিত শ্বাহ, অসম চৰকাৰ আৰু শান্তি আলোচনাপন্থী এনডিএফবিৰ সৈতে তৃতীয়খন বড়ো চুক্তি স্বাক্ষৰিত কৰাৰ বাবেই ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

বিশেষ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা লাভ কৰাৰ আশা প্ৰকাশ কৰা হৈছে যদিও ইতিমধ্যে চৰকাৰে স্পষ্টকৈ প্ৰকাশ কৰিছে যে, কেন্দ্ৰই বড়োলেণ্ড স্বায়িত্ব শাসিত জিলাক কোনো কাৰণতেই কেন্দ্ৰীয় শাসিত অঞ্চলৈ পৰিৱৰ্তন নকৰে ৷

শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ব্ৰু শৰণাৰ্থীৰ এটা প্ৰতিনিধিত্বৰ দলে 16 জানুৱাৰীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী গৌৰমথাংগৰ উপস্থিতিত ব্ৰু শৰণাৰ্থীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাবলৈ এখন চুক্তিত স্বাক্ষৰ কৰে ৷

এই চুক্তি স্বাক্ষৰ কৰিয়ে গৃহমন্ত্ৰী অমিত শ্বাহয়ে কয়, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ সকলো সমস্যা সমাধান কৰা হ’ব ৷ এইয়া আছিল প্ৰথমটো পদক্ষেপ ৷ প্ৰায় 30 হাজাৰ ব্ৰু শৰণাৰ্থীক স্থান দিছিল ত্ৰিপুৰাত ৷ যাৰ বাবে 600 কোটি টকাৰ পেকেজ প্ৰদান কৰাৰ লগতে ব্ৰু শৰণাৰ্থী সকলক 40-30 ফিটৰ প্লটৰ লগতে 4 লাখ ফিক্সড ডিপ্জিটৰ লগতে 2 বছৰে মাহিলী 5000 হাজাৰ টকা নগদ আৰু ফ্ৰি ৰেচন প্ৰদান কৰিব বুলি উল্লেখ কৰিছিল ৷

Intro:Body:

https://www.aninews.in/news/national/general-news/centre-to-give-political-economic-benefits-to-bodos-by-signing-a-tripartite-agreement-today20200127095837/

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.