নেশ্যনেল ডেস্ক, 14 ছেপ্তেম্বৰ : 2019-21 চনৰ কেন্দ্ৰীয় আঁচনিৰ অধীনত বাঘ আৰু হাতীৰ সংৰক্ষণৰ বাবে উড়িশালৈ 35 কোটি টকাৰ অনুদান আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে ৷ সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ঘোষণা কৰে এই কথা ৷
-
Over ₹35 crore has been released to Odisha by GOI between 2019-21 under centrally sponsored schemes for tiger and elephant conservation.
— Dharmendra Pradhan (@dpradhanbjp) September 14, 2020 " class="align-text-top noRightClick twitterSection" data="
Modi govt’s consistent efforts are ensuring that #tigers continue to roar in the jungle. pic.twitter.com/SLLzllLPCd
">Over ₹35 crore has been released to Odisha by GOI between 2019-21 under centrally sponsored schemes for tiger and elephant conservation.
— Dharmendra Pradhan (@dpradhanbjp) September 14, 2020
Modi govt’s consistent efforts are ensuring that #tigers continue to roar in the jungle. pic.twitter.com/SLLzllLPCdOver ₹35 crore has been released to Odisha by GOI between 2019-21 under centrally sponsored schemes for tiger and elephant conservation.
— Dharmendra Pradhan (@dpradhanbjp) September 14, 2020
Modi govt’s consistent efforts are ensuring that #tigers continue to roar in the jungle. pic.twitter.com/SLLzllLPCd
প্ৰধানে কয় যে, জৈৱ বৈচিত্ৰৰে চহকী উড়িশাত সংৰক্ষণৰ ব্যৱস্থাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে ৷ 2019-21 চনৰ কেন্দ্ৰীয় আঁচনিৰ অধীনত বাঘ আৰু হাতীৰ সংৰক্ষণৰ বাবে 35 কোটি টকা মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে ৷ মোডী চৰকাৰৰ অহৰহ প্ৰচেষ্টাৰ ফলত বনাঞ্চলত বাঘৰ এতিয়াও বিচৰণ হৈ আছে বুলি মন্তব্য় কৰে প্ৰধানে ৷
তেওঁ লগতে কয় যে, দেশত বাঘ আৰু হাতীৰ অবৈধ চিকাৰৰ ভাবুকি নাইকিয়া কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে ৷ তেওঁ কয়, "জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত চহকী উড়িশাত সংৰক্ষণৰ ব্যৱস্থাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৷ ব্য়াঘ্ৰ প্ৰকল্প আৰু হস্তী প্ৰকল্পৰ আৰম্ভণিৰ পাচত অবৈধ চিকাৰৰ ভাবুকি হ্ৰাস পোৱাৰ লগতে এই আপুৰুগীয়া প্ৰজাতিসমূহে প্ৰকৃতিৰ সৈতে বসবাস কৰিবলৈ সুবিধা হৈছে ৷"
প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকাৰৰ নেতৃত্বত পৰিৱেশৰ সুৰক্ষা আৰু বনৰীয়া জন্তুৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা বাবে প্ৰধানে প্ৰশংসা আগবঢ়ায় ৷