ETV Bharat / bharat

নাৰী সুৰক্ষা বিষয়ক নতুন পৰামৰ্শাৱলী জাৰি কেন্দ্ৰৰ

নাৰী সুৰক্ষা আৰু নিৰ্যাতন তথা অপৰাধ জনিত সমস্যাৰ সৈতে মোকাবিলা কৰা সন্দৰ্ভত পৰামৰ্শাৱলী জাৰি কৰিছে কেন্দ্ৰই। ৰাজ্যসমূহলৈ এই নতুন পৰামৰ্শাৱলী জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। আৰক্ষীৰ বিফলতাৰ বাবে ন্যায় লাভৰ ক্ষেত্ৰত বাধা আহি পৰে বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰে।

author img

By

Published : Oct 10, 2020, 1:45 PM IST

নাৰী সুৰক্ষা বিষয়ক নতুন পৰামৰ্শাৱলী জাৰি কেন্দ্ৰৰ
নাৰী সুৰক্ষা বিষয়ক নতুন পৰামৰ্শাৱলী জাৰি কেন্দ্ৰৰ

নেশ্যনেল ডেস্ক, ১০অক্টোবৰ: নাৰী সুৰক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কেতবোৰ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰই। মহিলা সকলে সঘনাই সন্মুখীন হোৱা অপৰাধজনিত সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্যসমূহলৈ নতুন পৰামৰ্শাৱলী জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। উত্তৰ প্ৰদেশৰ হাথৰসত গণধৰ্ষণৰ পিছত এগৰাকী যুৱতীৰ মৃত্যুৰ কিছুদিনৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৩ পৃষ্ঠাৰ পৰামৰ্শাৱলী জাৰি কৰে।

পৰামৰ্শাৱলীত গৃহ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, CRIMINAL PROCEDURE CODE(CrPC)ৰ অধীনত অপৰাধজনিত ঘটনাৰ প্ৰাথমিক পঞ্জীয়ন হোৱা উচিত। কোনো ঘটনাৰ প্ৰাথমিক গোচৰ ৰুজু কৰা আৰু গোচৰ ৰুজু নকৰাকৈয়ে আৰ্তজনক তাৎক্ষণিকভাৱে সহায় কৰাৰ অধিকাৰ আইনে আৰক্ষীক দিছে। অৱশ্যে সশ্লিষ্ট আৰক্ষী থানাৰ অধীনৰ অঞ্চলৰ বাহিৰত ঘটা যৌন উৎপীড়ন সম্বন্ধীয় ঘটনাৰ ক্ষেত্ৰতহে এই বিশেষ অধিকাৰ আৰক্ষীক প্ৰদান কৰা হৈছে।

আইনৰ কঠোৰ নীতি-নিৰ্দেশনা থকাৰ পিছতো জৰুৰীকালীন সময়ত আৰক্ষীৰ বিফলতাৰ বাবে বহু ক্ষেত্ৰত নিৰ্যাতিতাই ন্যায় লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত হেমাহি কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে তৎকালীনভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

লগতে পঢ়ক:পবন টাৰ্বাইন : ৰাহুল গান্ধী আৰু পীযুষ গোয়েলৰ মাজত বাকযুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.