ETV Bharat / bharat

কেন্দ্ৰই মিছা মাতিছে, শ্ৰমিকক নিবলৈ ৮খন ৰেল আছে : তৃণমুল কংগ্ৰেছ - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সৈতে ৰেলসমূহ ৰাজ্যখনত প্ৰৱেশ কৰিব নিদিয়াকৈ লৈ পত্ৰ লিখাৰ পিচতেই কেন্দ্ৰীয় চৰকাৰক ওভটি ধৰিছে তৃণমুল কংগ্ৰেছে । তৃণমুল কংগ্ৰেছে প্ৰকাশ কৰা অনুসৰি, সমগ্ৰ বিষয়টোত কেন্দ্ৰই মিছা মাতিছে । ৰাজ্যখনে ইতিমধ্যে তেলেংগানা, তামিলনাডু, পঞ্জাৱ আৰু কৰ্নাটকৰ পৰা প্ৰব্ৰজনকাৰী শ্ৰমিক নিবলৈ ৮খন ৰেলৰ ব্যৱস্থা কৰিছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
author img

By

Published : May 9, 2020, 7:17 PM IST

নিউজ ডেস্ক, ৯ মে' : পশ্চিমবংগত শ্ৰমিক কঢ়িয়াই নিয়া ৰেলগাড়ীক লৈ কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত চলি থকা শীতল যুদ্ধ অব্যাহত আছে । এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত সোচ্চাৰ হৈ পৰিছে পশ্চিমবংগৰ তৃণমুল কংগ্ৰেছ ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত মিছলীয়াৰ অভিযোগ উত্থাপন কৰি কয় যে, সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰে মিছা মাতিছে । কিয়নো পশ্চিমবংগ চৰকাৰে ইতিমধ্যে আঠখনকৈ ৰেলগাড়ী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে প্ৰেৰণ কৰিছে । কৰ্নাটক, তামিলনাডু, পঞ্জাৱ আৰু তেলেংগানাৰ পৰা শ্ৰমিক কঢ়িয়াই আনিব এইকেইখন ৰেলগাড়ীয়ে । ইয়াৰে প্ৰথমখন ৰেলগাড়ীয়ে ইতিমধ্যে মালদালৈ বুলি হায়দৰাবাদৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ।

শনিবাৰে দিনৰ ভাগত অমিত শ্বাহে পশ্চিমবংগৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ লিখি, কেন্দ্ৰই ইতিমধ্যে দুই লাখতকৈয়ো অধিক প্ৰব্ৰজনকাৰী শ্ৰমিকক উভটি যাবলৈ ব্যৱস্থা কৰিছে যদিও পশ্চিমবংগ চৰকাৰে এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা নাই বুলি প্ৰকাশ কৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই পত্ৰৰ প্ৰত্যুত্তৰত তৃণমুল কংগ্ৰেছৰ সাংসদ কাকলি ঘোষ দাষ্টিদাৰে কয় যে, "কেন্দ্ৰই মিছা মাতিছে । বিভিন্ন ৰাজ্যৰ পৰা পশ্চিমবংগৰ শ্ৰমিকসকলক লৈ ৮খনকৈ ৰেলগাড়ীয়ে যাত্ৰা আৰম্ভ কৰিছে । ৰাজ্যখনলৈ তেওঁলোকক উভটি আহিবলৈ নিদিয়াটো মমতা বেনাৰ্জীৰ বাবে হৈছে বুলি কোৱাটো সঠিক নহয় । আপোনালোকৰ চকুৰ সন্মুখতে ১৬জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছে, ৰেল মন্ত্ৰালয়ে ইয়াৰ দায়িত্ব ল'বনে" ।

পশ্চিমবংগৰ তৃণমুল কংগ্ৰেছৰ সাংসদৰ মাজত হোৱা এক আলোচনাৰ পিচতে, ৰাজ্যখনত ৭১১ টা কেম্প প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে গঢ়ি তুলিছে । ৰাজ্যখনলৈ উভটি অহা ৩১,২২৪ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ভিতৰত ১৭,২১১ গৰাকীয়ে হায়দৰাবাদৰ পৰা আহিছে ।

লগতে পঢ়কঃ আফগানিস্তানৰ আভ্যন্তৰীণ দিশত ভাৰতৰ ভূমিকা বিচাৰিছে আমেৰিকাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.