ETV Bharat / bharat

অস্ত্ৰৰ অধিগ্ৰহণৰ বাবে প্ৰতিৰক্ষা বাহিনীক সময়সীমা বৃদ্ধি কেন্দ্ৰৰ

ভাৰত চীনৰ মাজত সংঘৰ্ষ অব্য়াহত থকাৰ মাজতে যুদ্ধৰ প্ৰস্তুতি উন্নত কৰিবলৈ অস্ত্ৰ অধিগ্ৰহণৰ বাবে কেন্দ্ৰই ৩ মাহৰ অতিৰিক্ত সময় দিলে প্ৰতিৰক্ষা বাহিনীক ।

অস্ত্ৰৰ অধিগ্ৰহণৰ বাবে প্ৰতিৰক্ষা বাহিনীক সময়সীমা বৃদ্ধি কেন্দ্ৰৰ
অস্ত্ৰৰ অধিগ্ৰহণৰ বাবে প্ৰতিৰক্ষা বাহিনীক সময়সীমা বৃদ্ধি কেন্দ্ৰৰ
author img

By

Published : Dec 31, 2020, 6:31 PM IST

নেশ্যনেল ডেস্ক , ৩১ ডিচেম্বৰ : ভাৰত চীনৰ মাজত সংঘৰ্ষ অব্য়াহত আছে । চীনে সীমান্তৰ বিভিন্ন স্থানত নিজৰ অস্তিত্ব প্ৰদৰ্শনৰ চেষ্টা অব্য়াহত ৰাখিছে । ভাৰতেও সকলো ক্ষেত্ৰতে উচিত উত্তৰ দিয়াত সমৰ্থ হৈছে আৰু ইয়াৰ মাজতে দেশৰ স্থল, জল আৰু বায়ু সেনাক কেন্দ্ৰৰ বিশেষ নিৰ্দেশনা । জৰুৰীকালীন সময়ৰ প্ৰতি লক্ষ্য় ৰাখি অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ৰ বাবে কেন্দ্ৰই ৩ মাহৰ অতিৰিক্ত সময় দিলে সংশ্লিষ্ট কতৃপক্ষক ।

জানিব পৰা মতে ২০২০ চন লাডাখত চীনৰ আক্ৰমণৰ পিছত চীন-পাকিস্তান আৰু আন বিৰোধীৰ লগত সংঘাটৰ বাবে সশস্ত্ৰ বাহিনীৰে তৈয়াৰ হ'বলৈ জৰুৰী অৱস্থাৰ দায়িত্বও দিয়া হৈছে তিনিওটা সেনাক ।

চৰকাৰী সূত্ৰৰ মতে তিনিওটা সেনাক শত্ৰুৰ সৈতে সংঘাতৰ শীৰ্ষ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দেশীয় বা বিদেশী অস্ত্ৰ ক্ৰয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ৩ মাহৰ সময় দিছে । চৰকাৰী তথ্য় অনুসৰি চীনৰ সৈতে সংঘাত অব্য়াহত থকাৰ সময়তে ভাৰতৰ তিনিওটা সেনাই প্ৰায় দুই বিলিয়ন মাৰ্কিন ডলাৰ খৰচেৰে অস্ত্ৰ অধিগ্ৰহণ কৰি ইতিমধ্য়ে যিকোনো প্ৰত্য়াহ্বানৰ সন্মুখীন হ'ব পৰাকৈ প্ৰস্তুত আছে । উল্লেখ যে, শত্ৰুক যিকোনো পৰিস্থিতিত প্ৰতিহত কৰিবলৈ প্ৰতিৰক্ষা বলে যথেষ্ট পৰিমাণৰ অস্ত্ৰ, মিছাইল আদিও ইতিমধ্য়ে ক্ৰয় কৰিছে ।

ইফালে ১০ দিনৰ ঠাইত ১৫ দিনৰ যুদ্ধৰ বাবে সাজু হ'ব পৰাকৈ অস্ত্ৰ সস্ত্ৰৰ ভাণ্ডাৰ বৃদ্ধি কৰি ১৫-I স্তৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত থকা এক আবেদনতো কেন্দ্ৰই অনুমতি প্ৰদান কৰিছে । কিয়নো ২০১৬ ৰ উৰী আক্ৰমণৰ পিছত যুদ্ধ অস্ত্ৰ-সস্ত্ৰ ভাণ্ডাৰ কম থকা বিষয়টোৰ ওপৰত প্ৰশ্ন উদয় হৈছিল । অৱশ্য়ে সেই সময়চোৱাত ৰক্ষা মন্ত্ৰালয়ে তিনিও প্ৰকাৰৰ সেনাৰ বিত্তীয় শক্তি ১০০ কোটিৰ পৰা ৫০০ কোটিলৈ বৃদ্ধি কৰিছিল ।

লগতে পঢ়ক :২০২১ চনতো মহামাৰীৰ বিৰুদ্ধে সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.