নতুন দিল্লী,19 জুলাই :ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূডা়ন্ত তালিকা প্ৰকাশত ইচ্ছাকৃতভাৱে পলম কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই অভিযোগ অসম প্ৰদেশ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷
ৰিপুন বৰাই অভিযোগ উত্থাপন কৰা অনুসৰি অসম চৰকাৰ তথা ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশত পলম কৰিছে ৷ তেওঁ কয় যে ,উচ্চতম ন্যায়ালয়ে এটা বছৰৰ পূৰ্বেই এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিন নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্তু ইয়াৰ পাচতো এটা বছৰে চৰকাৰে কিয় এই প্ৰক্ৰিয়া সমাপ্ত কৰিব নোৱাৰিলে ৷
এন আৰ চি প্ৰক্ৰিয়াৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা হৈছে বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
উচ্চতম ন্যায়ালয়ত চূড়ান্ত তালিকা বৃদ্ধিৰ বাবে চৰকাৰে কৰা আবেদন প্ৰক্ৰিয়া সততে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক অধিক পলম কৰাৰ এক ষড়যন্ত্ৰহে বুলি প্ৰকাশ কৰে ৰিপুন বৰাই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে অমিত শ্বাহে অন্য ৰাজ্যতো এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি কৰা মন্তব্যৰ বিষয়ত কয় যে , এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট নহয় ৷ কিয়নো ইয়াৰ পূৰ্বে গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত অন্য ৰাজ্যত এন আৰ চি প্ৰক্ৰিয়াৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি মন্তব্য কৰিছিল ৷