নিউজ ডেস্ক, 3 এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত শস্য ৰোপন আৰু চপোৱা কাৰ্য সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷ তেওঁলোকে জনোৱা মতে, কৃষি কাৰ্যক 21 দিনীয়া লক্ ডাউনৰ পৰা অব্যাহতি দিয়া হৈছে ৷
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিৰ সৈতে হোৱা মত বিনিময়ত কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই কয়, কৃষকৰ কৃষি কৰ্ম, উৎপাদন আদি দেশজুৰি লক্ ডাউনৰ পৰা অব্যহতি দিয়া হৈছে ৷ তেওঁ কয় যে, গৃহ মন্ত্ৰণালয়ে কৃষি কৰ্মৰ ক্ষেত্ৰত শস্য ৰোপন, শস্য কটা আদি কাৰ্যৰ বাবে বতৰ অনুসৰি অনুমতি প্ৰদান কৰিছে ৷
ভাল্লাই লগতে কয় যে, ব্যতিক্ৰমভাৱে কৃষক আৰু কৃষি কৰ্মৰ লগত জড়িত শ্ৰমিকক যদিও অনুমতি প্ৰদান কৰা হৈছে, তথাপিও তথ্য অনুসৰি এই ব্যতিক্ৰম সমূহ ক্ষেত্ৰ পৰ্যায়ৰ পৰা আঁতৰাই দিয়া নাই ৷ কৃষিৰ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি, সামাজিক দূৰত্ব বজাই ৰাখি কৃষিখণ্ডত এই অনুমতি প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে ভাল্লাই ৷
লগতে পঢ়ক : ইন্দোৰত ভূতৰ ৰূপত আৰক্ষী !