ETV Bharat / bharat

স্বাস্থ্য মন্ত্ৰালয়ৰ নেতৃত্বত কেন্দ্ৰীয় দলে ভ্ৰমণ কৰিব ক'ভিড-১৯ আক্ৰান্ত ৰাজ্য

author img

By

Published : Jun 25, 2020, 10:12 PM IST

Updated : Jun 25, 2020, 11:35 PM IST

স্বাস্থ্য মন্ত্ৰালয়ৰ নেতৃত্বত কেন্দ্ৰীয় এটা দলে ভ্ৰমণ কৰিব মহাৰাষ্ট্ৰ গুজৰাট আৰু তেলেংগানা ৰাজ্য । ভ্ৰমণৰ এই কালচোৱাত দলটোৱে ৰাজ্যসমূহৰ সংশ্লিষ্ট বিভাগ সমূহৰ লগতো মিলিত হ'ব গুৰুত্বপূৰ্ণ আলোচনাত। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে ক'ৰণা নিৰ্মূলৰ বাবে ৰাজ্য সমূহে পালন কৰি অহা কাৰ্য প্ৰণালীৰো অধ্যয়ন কৰিব দলটোৱে। স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা উল্লেখিত তথ্য মতে মহাৰাষ্ট্ৰতেই সকলোতকৈ অধিক ১,৪২,৯০০টা কভিড-১৯ পজিটিভ চিনাক্ত হৈছে । তাৰোপৰি বৰ্তমানলৈকে গুজৰাটত ২৮,৯৪৩ আৰু তেলেংগানাত ১০,৩৩১ টা কভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ তথ্য উল্লেখ কৰা হৈছে ।

Central Team to Visit Gujarat, Maharashtra, Telangana From June 26 to Review COVID Situation
কেন্দ্ৰীয় দলে ভ্ৰমণ কৰিব কভিড১৯ত অধিক আক্ৰান্ত ৰাজ্য

নিউজ ডেস্ক,২৫জুন: ক'ভিড-১৯ৰ ভয়াবহতা অধ্যয়ন আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে লব লগা ক্ষীপ্ৰ প্ৰয়াস অধিক টনকিয়াল কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নেতৃত্বত এটা দলে অহা ২৬ জুনৰ পৰা ২৯ জুনৰ ভিতৰত ভ্ৰমণ কৰিব মহাৰাষ্ট্ৰ, গুজৰাট আৰু তেলেংগানা ৰাজ্য । ভ্ৰমণৰ এই কালচোৱাত দলটোৱে ৰাজ্যসমূহৰ সংশ্লিষ্ট বিভাগ সমূহৰ লগতো মিলিত হ'ব গুৰুত্বপূৰ্ণ আলোচনাত। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে ক'ৰণা নিৰ্মূলৰ বাবে ৰাজ্য সমূহে পালন কৰি অহা কাৰ্য প্ৰণালীৰো অধ্যয়ন কৰিব দলটোৱে।

স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা উল্লেখিত তথ্য মতে মহাৰাষ্ট্ৰতেই সকলোতকৈ অধিক ১,৪২,৯০০টা কভিড-১৯ পজিটিভ চিনাক্ত হৈছে । তাৰোপৰি বৰ্তমানলৈকে গুজৰাটত ২৮,৯৪৩ আৰু তেলেংগানাত ১০,৩৩১ টা ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ তথ্য উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য মতে বৃহস্পতিবাৰৰ দিনটোতেই দেশত সৰ্বাধিক ক'ভিড-১৯ পজিটিভ কেচ ১৬,০০০তকৈ অধিক চিনাক্ত কৰা হৈছে। এই তথ্য সংযোগ কৰিলে দেশত ক'ভিড-১৯ পজিটিভ চিনাক্ত হোৱা ৰোগীৰ সংখ্যা হবগৈ ৪,৭৩,০০০তকৈ অধিক। তাৰোপৰি বৃহস্পতিবাৰৰ এই দিনটোতে ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ হ'লগৈ ৪১৮ ।

স্বাস্থ্য মন্ত্ৰালয়ে ক'লে, প্ৰতি একলাখ জনসংখ্যাৰ বিপৰীতে এতিয়া আক্ৰান্তৰ সংখ্যা হৈছে ৩৩.৩৯ গৰাকী । ইয়াৰ লগতে দেশত এক লাখ জনসখ্যাৰ বিপৰীতে ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১.০৬ জন। মন্ত্ৰালয়ে উল্লেখ কৰা মতে, ক'ৰণা আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক সময়চোৱাত অৰ্থাৎ জানুৱাৰী মাহত সীমিত সংখ্যক ক'ভিড-১৯ পজিটিভ চিনাক্তকৰণৰ পৰীক্ষা হোৱাৰ বিপৰীতে ২৪ জুনলৈকে দেশত ৭৫,৬০,৭৮২ টা ক'ভিড -১৯ চিনাক্তকৰণৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে।

লগতে : EIA স্থগিত কৰিবলৈ পৰিৱেশ মন্ত্ৰণালয়লৈ শীৰ্ষ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ পত্ৰ প্ৰেৰণ

Last Updated : Jun 25, 2020, 11:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.