ETV Bharat / bharat

শৰ্কৰা স্তৰ হ্ৰাস পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়াক - বিজেপি

স্বাস্থ্যজনিত কাৰণত কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ শৰ্কৰা স্তৰ হ্ৰাস পোৱাৰ পিচতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় মন্ত্ৰী তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ৷

চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া

author img

By

Published : Jan 3, 2021, 2:49 PM IST

Updated : Jan 3, 2021, 10:11 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী : কেন্দ্ৰীয় মন্ত্ৰী তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সদানন্দ গৌড়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কৰ্নাটকৰ বাসিন্দা গৌড়াৰ শৰ্কৰা স্তৰ হ্ৰাস পোৱাৰ পিচতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

কৰ্নাটকৰ চিত্ৰাদুৰ্গা জিলাৰ এখন হোটেলত থকা অৱস্থাত দেওবাৰে হঠাতে অসুস্থ হৈ পৰে মন্ত্ৰীগৰাকী ৷ অসুস্থ হৈ পৰা মন্ত্ৰীগৰাকীক ততালিকে চিত্ৰাদুৰ্গা জিলাৰ বাছাভেশ্বৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয়খনৰ শীৰ্ষ চিকিৎসকৰ এটা দলে বৰ্তমানে তেওঁক নিৰীক্ষণত ৰাখিছে ৷

উল্লেখ্য যে, চিমেগাৰ পৰা উভতি অহাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ৷ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাত অংশগ্ৰহণ কৰি উভতি আহিছিল মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

Last Updated : Jan 3, 2021, 10:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.