নিউজ ডেস্ক , ১৭ জানুৱাৰী : যোৱা বছৰৰ ২৬ নৱেম্বৰৰ পৰা কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্ত অঞ্চলত কৃষকৰ প্ৰতিবাদ অব্য়াহত আছে । আইনৰ বাতিলৰ দাবী জনাই থকাৰ লগতে ১২ জানুৱাৰী উচ্চতম ন্য়ায়লয়েও কৃষকৰ পক্ষত থাকি এই আইন প্ৰৱৰ্তন বাধা আৰোপ কৰিছে আৰু দুমাহৰ ভিতৰত বিশেষজ্ঞ কমিটীক ৰিপ'ৰ্ট প্ৰদানৰ নিৰ্দেশ দিছে । কিন্তু ইয়াৰ মাজতে কৰ্ণাটকত কৃষি আইনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ ।
বাগালকোট জিলাৰ এক ৰাজহুৱা সভাত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয় যে কৃষি আইনে কৃষকৰ আয় বহু গুণে বৃদ্ধি কৰিব । নৰেন্দ্ৰ মোডী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্য়াণৰ বাবে কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ । যাৰ বাবে এই আইনৰ জৰিয়তে কৃষক উপকৃত হোৱাৰ লগতে দেশৰ ভিন্ন প্ৰান্তত কৃষকে নিজৰ শস্য় বিক্ৰী কৰিব পাৰিব বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।
কেৱল এয়াই নহয় জৱাহৰলাল নেহৰু মেডিকেল কলেজ খেলপথাৰৰ ৰাজহুৱা সভাখনত মন্ত্ৰী গৰাকীয়ে কৃষকৰ পক্ষত থাকি ভিন্ন সময়ত বিজেপি চৰকাৰক সমালোচনা কৰা কংগ্ৰেছ চৰকাৰকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । কৃষকক প্ৰতিবছৰে ৬ হাজাৰকৈ টকা প্ৰদান কৰা , প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি অথবা এথানোল পলিচি আদি বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক প্ৰশ্ন কৰে যে তেওঁলোকৰ শাসনত কিয় এইবোৰ আঁচনি কৰা নাছিল । লগতে কৃষকক সহায়ৰ উদ্দেশ্য় কংগ্ৰেছ চৰকাৰৰ নাছিল বুলিও অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
উল্লেখ যে কৰ্ণাটকৰ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে ।
লগতে পঢ়ক : চিল্কা হ্ৰদত ডলফিনৰ জৰীপ আৰম্ভ