নিউজ ডেস্ক, 1 ডিচেম্বৰঃ দুঃখবৰ ! পুনৰ সলনি হ'ব জিঅ'ৰ প্লেন ৷ 6 ডিচেম্বৰৰ পৰা 'আনলিমিটেদ প্লেন'ত পূৰ্বৰ তুলনাত 40 শতাংশ বৃদ্ধি পাব ব্যয় ৷ কিন্তু 'অল ইন ওৱানৰ এই নতুন প্লেনৰ জড়িয়তে গ্ৰাহকে 300 শতাংশ অধিক লাভান্বিত হ'ব বুলি প্ৰকাশ কোম্পানীটোৰ ৷
ইপিনে জিঅ'ৰ পাচতে ভোডাফোন–আইডিয়াই বৃদ্ধি কৰিলে সেৱাৰ মূল্য । 2 দিন, 28 দিন, 84 দিন আৰু 365 দিনৰ বৈধতাৰ নতুন প্লেন ঘোষণা কৰিছে কোম্পানীটোৱে ৷ পূৰ্বৰ তুলনাত প্ৰায় 42 শতাংশ অধিক ব্যয়বহুল হ’ব নতুন প্লেন । সমগ্ৰ দেশত 3 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ ৷ একেদৰে, এয়াৰটেলেও 3 ডিচেম্বৰৰ পৰা বৃদ্ধি কৰিলে কল আৰু ডাটা প্লেনৰ মূল্য ৷ প্ৰি পেইড গ্ৰাহকৰ বাবে পূৰ্বৰ তুলনাত 42 শতাংশ খৰচী হ’ব নতুন প্লেন ৷ ভাৰতী এয়াৰটেলে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে এই কথা ৷