ETV Bharat / bharat

হাথৰছ কাণ্ডঃ চিকিৎসালয়ৰ পৰা হেৰাল চিচি টিভিৰ ফুটেজ - চিবিআই

হাথৰছ জিলা চিকিৎসালয়ৰ মুখ্য চিকিৎসা অধীক্ষক ইন্দ্ৰ বীৰ সিঙে কয় যে, যদিহে আৰক্ষীয়ে পূৰ্বতে তেওঁক এই সন্দৰ্ভত অৱগত কৰিলে হয় তেন্তে হয়তো উক্ত দিনটোৰ চিচি টিভি ফুটেজ চেভ থাকিলে হয় ৷

CCTV footage from Hathras hospital 'lost'
হাথৰছ কাণ্ডঃ চিকিৎসালয়ৰ পৰা হেৰাল চিচি টিভি ফুটেজ
author img

By

Published : Oct 15, 2020, 5:02 PM IST

নিউজ ডেস্ক, 15 অক্টোবৰ: হাথৰছৰ বলাৎকাৰ আৰু হত্যাৰ ঘটনাৰ চিবিআই তদন্তই প্ৰথমটো বিফলতাৰ সন্মুখীন হয় যেতিয়া 14 চেপ্টেম্বৰত হাথৰছ কাণ্ডৰ ভুক্তভোগীক লৈ অনা হাথৰছ জিলা চিকিৎসালয়ৰ চিচি টিভি ফুটেজ হেৰাই যোৱা বুলি পোহৰলৈ আহে ৷

হাথৰছ জিলা চিকিৎসালয়ৰ মুখ্য চিকিৎসা অধীক্ষক ইন্দ্ৰ বীৰ সিঙে কয় যে, যদিহে আৰক্ষীয়ে পূৰ্বতে তেওঁক এই সন্দৰ্ভত অৱগত কৰিলে হয় তেন্তে হয়তো উক্ত দিনটোৰ চিচি টিভি ফুটেজ চেভ থাকিলে হয় ৷

CCTV footage from Hathras hospital 'lost'
হাথৰছ কাণ্ডঃ চিকিৎসালয়ৰ পৰা হেৰাল চিচি টিভি ফুটেজ

তেখেতে এই সন্দৰ্ভত কয় যে, "প্ৰতি সাত দিনত পূৰ্বৱৰ্তী ফুটেজ উৰুৱাই দিয়া হয় আৰু ইয়াৰ ওপৰত নতুন ফুটেজ ৰেকৰ্ড কৰা হয়। আমি বিশেষভাৱে প্ৰয়োজন নহ'লে আমি বেক আপ নাৰাখো ৷"

ঘটনাটোৰ পিছত ভুক্তভোগীক প্ৰথমে চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু ফুটেজটোৱে তেওঁৰ অৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰমাণ প্ৰদান কৰিব পাৰিলেহেঁতেন । চিবিআইৰ দলটোৱে চিকিৎসকৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ আৰু প্ৰমাণ পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ গৈছিল।

চিবিআইৰ সূত্ৰই কয় যে, এই ফুটেজে তেওঁলোকক ভুক্তভোগী গৰাকীৰ উক্ত সময়ৰ অৱস্থা নিৰ্ণয় কৰাত সহায় কৰাৰ লগতে যিসকলে ভুক্তভোগীৰ ওচৰত উপস্থিত হৈছিল আৰু তাত ৰখাৰ সময়ত তেওঁৰ সৈতে কোনে কোনে কথা পাতিছিল সেই সন্দৰ্ভত জনাত সহায় কৰিলেহেঁতেন ।

আনহাতে যোৱা মাহত সংঘটিত হোৱা উক্ত দলবদ্ধ ধৰ্ষণৰ অভিযোগত অভিযুক্তৰ পৰিয়ালৰ সদস্যসকলক সোধপোছ কৰিবলৈ হাথৰছ ঘটনাৰ তদন্ত কৰি থকা কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ‘ (চিবিআই)ৰ এটা দল বৃহস্পতিবাৰে বোলগাৰ্হি গাৱত উপস্থিত হয় ।

হাথৰছ ঘটনাৰ অভিযুক্ত সন্দীপ, ৰবি, ৰামু আৰু লৱকুশ বুলি চিনাক্ত কৰা হৈছে । তদন্তৰ চতুৰ্থ দিনা চিবিআইয়ে হাথৰছৰ ঘটনাত অভিযুক্তৰ পৰিয়ালৰ সদস্যসকলক ঘটনাক লৈ বিভিন্ন প্ৰশ্ন কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: উত্তৰ কাশ্মীৰৰ ছপ'ৰেত নিৰাপত্তা বাহিনীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.