ETV Bharat / bharat

কাঠফুলাক COVID-19 প্ৰতিৰোধী ক্ষমতাসম্পন্ন খাদ্য আখ্যা ভাৰতীয় গৱেষকৰ - প্ৰতিষ্ঠান

ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলেকিউলাৰ বায়'লজিৰ মতে COVID-19 ভাইৰাছৰ প্ৰতিৰোধ কৰিব পৰা গুণ আছে কাঠফুলাত। বজাৰত শীঘ্ৰেই কাঠফুলাৰ গুণ সমৃদ্ধ ৰোগ প্ৰতিৰোধী পৰিপুৰক খাদ্য উপলব্ধ কৰাৰ প্ৰয়াস কৰা হৈছে। কাঠফুলাত যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্টছ থাকে।

কাঠফুলাক COVID-19 প্ৰতিৰোধী ক্ষমতাসম্পন্ন খাদ্য আখ্যা ভাৰতীয় গৱেষকৰ

author img

By

Published : Oct 20, 2020, 2:01 PM IST

নেশ্যনেল ডেস্ক, ২০ অক্টোবৰ: হায়দৰাবাদত চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলেকিউলাৰ বায়'লজিয়ে কাঠফুলাযুক্ত এক ৰোগ প্ৰতিৰোধী পৰিপূৰক খাদ্যৰ ওপৰত সফলভাৱে গৱেষণা সম্পন্ন কৰিছে। গৱেষণা প্ৰতিষ্ঠানটোৱে কাঠফুলাৰ পৰা ৰোগ প্ৰতিৰোধী পৰিপূৰক খাদ্য প্ৰস্তুত কৰিব। অটল ইকিউবেছনৰ সহায়ক প্ৰতিষ্ঠান ক্লন ডিল্ছে চেলুলাৰ এণ্ড মলেকিউলাৰ বায়'লজিৰ সৈতে গৱেষণা কৰে। কাঠফুলাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্টছ থাকে আৰু ইয়াৰ বিটা গ্লুকনত ৰোগ প্ৰতিৰোধী গুণ থাকে।

কাঠফুলাক কৰ'ণা ভাইৰাছ প্ৰতিৰোধী ঔষধ প্ৰস্তুতৰ বাবে যো-জা চলোৱা হৈছিল। সম্প্ৰতি গৱেষকসকলে পৰিপূৰক খাদ্য প্ৰস্তুত কৰিবলৈও সাজু হৈছে। প্ৰখ্যাত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এম্ব্ৰ'ছিয়াই এই খাদ্য বজাৰত উপলব্ধ কৰাবলৈ গৱেষণা প্ৰতিষ্ঠানটোৰ সৈতে একেলগে কাম আৰম্ভ কৰিছে। পনীয়া পৰিপূৰকৰ ৰূপত উপলব্ধ হ'ব এই খাদ্য আৰু ইয়াত cordyceps, curcumin আৰু কাঠফুলা থাকিব।

চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলেকিউলাৰ বায়'লজিৰ নিৰ্দেশক ৰাকেশ মিশ্ৰই কয় যে, এই পৰিপূৰকে COVID-19ৰে যুঁজিবলৈ শক্তি যোগাব। ২০২১ৰ আৰম্ভণিতে এই পৰিপূৰক খাদ্য বজাৰত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। হালধিৰ সৈতে কাঠফুলাৰ মিশ্ৰণে ভাইৰাছ প্ৰতিৰোধৰ বাবে যথেষ্ট উপকাৰী বুলি গৱেষকসকলে আশা ব্যক্ত কৰিছে। বৰ্তমান নাগপুৰ, ভূপাল আৰু AIIMSৰ নৱী মুম্বাইৰ কেন্দ্ৰত পৰীক্ষণ চলি আছে কাঠফুলাৰ পৰা তৈয়াৰ কৰা পৰিপূৰক খাদ্যবিধৰ।

লগতে পঢ়ক:মণিপুৰৰ উপ নিৰ্বাচনত বিজেপিৰে জয় হ'বঃ এন বীৰেণ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.