নিউজ ডেস্ক, 23 অক্টোবৰঃ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা হৰিশ ৰাৱটৰ বিৰুদ্ধে চিবিআইয়ে ৰুজু কৰিলে গোচৰ ৷ জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ বিৰুদ্ধে বিধায়ক ক্ৰয়(Horse-trading)ৰ অভিযোগত গোচৰ ৰুজু কৰে তদন্তকাৰী সংস্থাটোৱে ৷
লগতে পঢ়কঃ আমেৰিকান কোম্পানীয়ে কাশ্মীৰত বিনিয়োগ কৰিবলৈ ইচ্ছুকঃ USISPF সভাপতি
ৰাৱটৰ লগতে উত্তৰাখণ্ডৰ আন এগৰাকী কেবিনেট মন্ত্ৰী হৰক সিং ৰাৱট আৰু টিভি সাংবাদিক উমেশ শৰ্মাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে সংস্থাটোৱে ৷ গোচৰটো সন্দৰ্ভত নাইনিতাল উচ্চ ন্যায়ালয়ে বিগত মাহৰ 30 তাৰিখে চিবিআইক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷
লগতে পঢ়কঃ চোৰাংচোৱা সংস্থাই সঁচা কথা নকয়ঃ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল
উত্তৰাখণ্ড বিধানসভাত সংঘটিত হোৱা ঘটনাৰ ভিডিঅ' ক্লীপ পোহৰলৈ অহাৰ পিচতে হৰিশ ৰাৱট তথা কেবিনেট মন্ত্ৰী হৰক সিং ৰাৱট আৰু টিভি সাংবাদিক উমেশ শৰ্মাৰ বিৰুদ্ধে চিবিআইয়ে ৰুজু কৰে গোচৰ ৷ ইতিমধ্যে গোচৰৰ এক প্ৰাথমিক প্ৰতিবেদন সংস্থাটোৱে নাইনিতাল উচ্চ ন্যায়ালয়ত প্ৰদান কৰিছিল ৷ ইয়াৰ পিচতে হৰিশ ৰাৱট আৰু অন্যান্য অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰিছিল উচ্চ ন্যায়ালয়ে ৷