বিগত কেইটামান দশকত ভাৰতৰ কৃষিখণ্ড এটা সুস্থিৰ পৰিৱেশৰ মাজেৰে অগ্ৰসৰ হৈছে ৷ ভাৰতবৰ্ষত লক্ষ্যণীয়ভাৱে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আঁচনি আৰম্ভ হোৱাৰ বহু আগৰে পৰাই অনুকূল পৰিৱেশত মীন পালন প্ৰক্ৰিয়াও আৰম্ভ হৈছিল ৷ দেশৰ বৰ্তমান মীন উদ্যোগৰ ক্ষেত্ৰত কৃষকৰ সহযোগিতা, উদ্যোগখণ্ড আৰু মীন প্ৰতিপালন বিজ্ঞানীসকলৰ ক্ষীপ্ৰ ব্যৱস্থাপনাৰ লগতে চৰকাৰৰ উদগনিমূলক ব্যৱস্থাসমূহে এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা দেখা গৈছে ৷ মনকৰিব লগীয়া যে, দেশৰ মীন উদ্যোগৰ ক্ষেত্ৰখনত অন্ধ্ৰপ্ৰদেশৰ ক'ল্লাৰু নদী আৰু ইয়াৰ অৱবাহিকা বৃহৎ মীন পাম হিচাপে পৰিগণিত হৈছে ৷ প্ৰণিধানযোগ্য যে, সামগ্ৰিকভাৱে কৃষি ক্ষেত্ৰখনৰ ভিতৰত মীন উদ্যোগে প্ৰতি হেক্টৰ মাটিকালিত সৰ্বাধিক 25 জন লোকক নিয়োজিত কৰি ৰাখিছে ৷ এই উদ্যোগে দেশখনত ব্যাপক হাৰত অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে যদিও পৰ্যাপ্ত শীতল ভঁৰাল, সংগ্ৰহৰ বাবে পৰ্যাপ্ত বৰফৰ অভাৱ আৰু উপযুক্ত বজাৰ মূল্য আদিৰ দৰে বিষয় সমূহ প্ৰধান প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷
মীন পালনৰ ক্ষেত্ৰত উপযুক্ত গুণমানৰ বীজ(কণী) আৰু পোনা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ৷ এই ক্ষেত্ৰত মাছৰ কণী আৰু পোনা উৎপাদনৰ বাবে গুণগত মান নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত দিশ নিৰ্দেশনা ধাৰ্য কৰা হৈছে যদিও ইয়াৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যঠেষ্ট অৱহেল হোৱা পৰিলক্ষিত হৈছে ৷ গুন্টুৰ জিলাৰ টেনালী এলেকাত মীন পালন বিভাগৰ পোনা উৎপাদন কেন্দ্ৰ এটা স্থাপন কৰা হৈছিল ৷ প্ৰকাশ্য যে, কেন্দ্ৰটোৰ পৰা উৎপাদিত লাভাংশৰ পৰাই বিভাগটোৰ কৰ্মচাৰীসকলক দা-দৰমহা আদি আদায় দিয়া হয় ৷ এই কেন্দ্ৰটোৰ ব্যৱসায় পশ্চিম বংগলৈক সম্প্ৰসাৰিত হয় ৷ এই কেন্দ্ৰটোত বিভাগটোৰ সৈতে কৰ্ণাটক চৰকাৰেও টুঙাভদ্ৰ নদীত যুটীয়াভাৱে গুণগত মানৰ মাছৰ কণী আৰু পোনা উৎপাদন আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, কৰ্ণাটকত প্ৰতি এক লাখ মাছৰ কণীৰ মূল্য 1000 টকা হোৱাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশে একেই গুণমানৰ কণী প্ৰতি কিলোগ্ৰামত 200 টকা দৰত বিক্ৰী কৰিছে ৷ কৰ্ণাটক চৰকাৰে নিজৰ কেন্দ্ৰটোৰ পৰা বাৰ্ষিক চল্লিছ লাখ টকা উপাৰ্জন কৰে ৷
সম্প্ৰতি, দেশত দুটা কেন্দ্ৰৰ অধীনতেই সৰ্বাধিক গুণগত মানৰ মাছ উৎপাদিত হয় ৷ পশ্চিমবংগৰ গংগা আৰু অন্ধ্ৰপ্ৰদেশৰ ক'ল্লাৰু অৱবাহিকা আৰু কৃষ্ণা-গোদাৱৰীত সৰ্বাধিক মাছৰ পোনা উৎপাদিত হয় ৷ এই ঠাই দুখনৰ পৰাই দেশৰ বিভিন্ন ৰাজ্যলৈ 40-ৰ পৰা 80 শতাংশ মাছৰ পোনা সৰবৰাহ কৰা হয় ৷ এই বৃহৎ যোগান ব্যৱস্থাৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা পৰিলক্ষিত হয় ৷ আঞ্চলিকভাৱে সৰ্বাধিক প্ৰচলিত কাটলা,ৰৌ আৰু কাৰ্প প্ৰজাতিৰ মাছসমূহ বছৰত দুবাৰহে উৎপাদিত হয় ৷ উপযুক্ত মানৰ কণীৰ বাবে ইয়াৰ সংগ্ৰহৰ ব্যৱস্থাতো অনুকূল হোৱাৰ আৱশ্যকতা আছে ৷ ৰাষ্ট্ৰীয় মীন উন্নয়ন ব'ৰ্ডে ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু কেন্দ্ৰীয় মীন গৱেষণা সংস্থাৰ পৰামৰ্শ অনুসৰি প্ৰতিটো 100 মি.মি. দৈৰ্ঘৰ পোনা মাছৰ দাম 2007 চনত 1 টকা আৰু 2014 চনত পুনৰ পৰ্যালোচনা কৰি 2.50 টকা নিৰ্ধাৰণ কৰে ৷ আনহাতে, শ্ৰম মজুৰি, মাছৰ খাদ্যৰ দাম আৰু মাটি অধিগ্ৰহণৰ বাবদ হোৱা ব্যয় এই সময়চোৱাত বহুবাৰ পুনৰীক্ষণ কৰা হয় যদিও অন্ধ্ৰ প্ৰদেশৰ মীন বিভাগে 1999 চনত নিৰ্ধাৰিত দৰ প্ৰক্ৰিয়াকে বাহাল ৰাখিছে ৷
সাম্প্ৰতিক সময়ত মীন উদ্যোগখণ্ডই সন্মুখীন হোৱা সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ প্ৰয়োজন আছে ৷ অঞ্চলটোত মীন পালক সকলৰ বাবে গোদাৱৰী নৈৰ পানী সময় মতে মুকলি কৰি দিয়াটোও এটা গুৰুত্বপূৰ্ণ বিষয় ৷ পশ্চিমবংগই এই ক্ষেত্ৰত উন্নত মানৰ মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ মাছ উৎপাদনৰ ক্ষেত্ৰখনত অন্ধ্ৰপ্ৰদেশে দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে যদিও পশ্চিমবংগৰ মাছৰ কণীৰ চাহিদা সৰ্বাধিক ৷ যিহেতু ইয়াৰ সংৰক্ষণ সম্ভৱ নহয় সেয়ে কৃষকসকলে ন্যূনতম মূল্যতে মাছৰ কণী আৰু পোনা বিক্ৰী কৰিবলৈ বাধ্য হৈছে ৷ কৃষক সকলৰ এইস সমস্যা সমাধানৰ বাবে চৰকাৰে উদ্যোগ লোৱাৰ আৱশ্যকতা আছে ৷ একেদৰে, মাছপোনা উৎপাদনকাৰীসকলক পঞ্চায়ত, জলসিঞ্চন বিভাগ আদিৰ সৈতে এনেদৰে চামিল কৰিব লাগে যাতে, মান বিভাগে কৃষকৰ মাজত উন্নত মানৰ পোনা যোগান ধৰিব পাৰে ৷ মীন বিভাগে ইয়াৰ বাবে মাছৰ কণী আৰু পোনা উৎপাদনকাৰীক প্ৰমাণ পত্ৰ প্ৰদানৰ উপৰিও ক্ৰয়-বিক্ৰয়ৰ ৰছিদ আদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ লগতে, ইণ্টাৰনেট সেৱাৰ মাধ্যমেৰে প্ৰয়য়োজনীয় তথ্য যোগান ধৰিলে মীন পালকসকল উপকৃত হ'ব পাৰিব ৷ সম্প্ৰতি দেখা দিয়া আন আন প্ৰত্যাহ্বানসমূহৰ ভিতৰত উদ্যোগখণ্ডটোত প্ৰযুক্তিগত সা-সুবিধাৰ অভাৱ, গুণগত পোনা, খাদ্য আদি নিৰ্ণয় কৰা বিশেষজ্ঞৰ উপৰিও সতেজ পানী আদি বিষয় অন্যতম ৷ এই সন্দৰ্ভত মীন বিজ্ঞান অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক বিশেষ প্ৰশিক্ষণ দিয়াব পাৰিলে সমস্যাসমূহ বহু পৰিমাণে লাঘৱ হ'ব ৷
অন্ধ্ৰপ্ৰদেশত উৎপাদিত 90 শতাংশ মাছ-পোনা অন্য ৰাজ্যলৈ যোগান ধৰা হয় ৷ নৱ গঠিত তেলেংগানা ৰাজ্যয়ো এই ক্ষেত্ৰত উল্লেখযোগ্য স্থিতিত অৱস্থান কৰিছে ৷ তেলেংগানাত আন ৰাজ্যৰ তুলনাত মাছৰ চাহিদা যঠেষ্ট কম ৷ ইয়াৰ মূল কাৰণ জনসাধাৰণৰ মানসপঠত থিতাপি লোৱা মাছ বজাৰৰ অস্বাস্থ্যকৰ পৰিবেশ অন্যতম ৷ যদি চহৰ নগৰ সমূহত স্বাস্থ্য সন্মতভাৱে পৰিচালিত মাছ বজাৰ স্থাপন কৰা হয়, তেনেহ'লে মাছৰ চাহিদা আৰু গ্ৰাহক বৃদ্ধি পাব ৷ স্থানীয় বজাৰসমূহত গ্ৰাহকৰ চাহিদা অনুযায়ী ইয়াৰ অভাৱ দেখা যায় ৷ অস্বাস্থ্যকৰ পৰিবেশ আৰু গ্ৰাহকৰ চাহিদা অনুযায়ী মাছ কটা ব্যক্তিৰ অভাৱো আন এক কাৰণ হিচাপে বিবেচিত হৈছে ৷ ডাঙৰ চহৰ সমূহত একাংশ ৰাইজে অনলাইন খাদ্য সমগ্ৰী পচন্দ কৰাতো এটা নিয়মত পৰিণত হৈছে ৷ স্থানীয় মীন পালক সকলে এনেকুৱা পৰিস্থিতিৰ সদ্যৱহাৰ কৰিব পাৰে ৷ বজাৰ বৃদ্ধিৰ বাবে সাগৰীয় মাছৰ প্ৰচাৰৰ বাবে উৎসৱ আদিও ঠাই বিশেষে আয়োজিত কৰিব পৰা যায় ৷
ভাৰতীয় মীন পালকসকলে বিভিন্ন প্ৰজাতিৰ স্থানীয় মাছ যেনে ৰৌ, কাটলা আদি পালন কৰাৰ উপৰিও বিদেশী প্ৰজাতিৰো মাছ পালন কৰে ৷ ৰপ্তানিৰ ক্ষেত্ৰখনক উদগনি যোগাবলৈ মীন পালকসকলক ৰাজসাহাৰ্য আদি আগবঢ়াব পৰা যায় ৷ শেহতীয়াভাৱে, বৃদ্ধিপোৱা বৰষুণৰ বাবে জলাশয়সমূহত সঞ্চয়িত হোৱা সজল অৱস্থাই আশাৰ সঞ্চাৰ ঘটাইছে ৷