ETV Bharat / bharat

মমতা চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভ অনুমেয় : শ্বাহ

author img

By

Published : Nov 5, 2020, 2:13 PM IST

পশ্চিমবংগত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক সমালোচনা ৷ পশ্চিমবংগলৈ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে পৰিৱৰ্তন কঢ়িয়াব বুলি দৃঢ়তা প্ৰকাশ ৷

মমতা চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভ অনুমেয় : শ্বাহ
মমতা চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভ অনুমেয় : শ্বাহ

বাঁকুৰা, 5 নৱেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে এক মন্তব্য প্ৰকাশ কৰি কয় যে মমতা চৰকাৰে লাহে লাহে মৃত্যুৰ ক্ষণ গণিছে ৷ তেওঁ কয় যে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ উদ্গীৰণ হৈছে ৷

ৰাজ্যখনলৈ এক ভ্ৰমণ সূচীৰে যোৱা মন্ত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ লাভালাভ ৰাজ্যখনৰ দৰিদ্ৰ লোক সকললৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে ৷

ৰাজ্যখনত উপস্থিত হৈ বিপ্লৱী বিৰ্চা মুণ্ডাৰ মুৰ্তিত মাল্যাৰ্পন কৰি তেওঁ কয় , "যোৱা নিশাৰ পৰা মই পশ্চিমবংগত আছো আৰু ইয়াৰ ৰাইজৰ মমতা বেনাৰ্জী চৰকাৰৰ প্ৰতি থকা ক্ষোভ অনুভৱ কৰিব পাৰিছো ৷ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাজ্যখনলৈ এক পৰিৱৰ্তন আনিব পাৰিম বুলি দৃঢ়ভাৱে বিশ্বাসী ৷"

তেওঁ লগতে কয় যে মমতা বেনাৰ্জী চৰকাৰৰ মৃত্যুধ্বনি বাজিছে আৰু দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতাৰে বিজেপি চৰকাৰে পশ্চিম বংগত এইবাৰৰ চৰকাৰ গঠন কৰিব ৷ পশ্চিমবংগত বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি শ্বাহে চৰকাৰ খনক সমালোচনা কৰে ৷

লগতে পঢ়ক: প্ৰতিৰক্ষা খণ্ডৰ মানৱ সম্পদ সংস্কাৰক লৈ চিডিএছৰ গুৰুত্বপূৰ্ণ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.