ETV Bharat / bharat

CallDoc এপৰ জৰিয়তে অনলাইনত বিনামূলীয়া চিকিৎসা পৰামৰ্শ - CallDoc

দিল্লী চৰকাৰৰ যুটীয়া সহযোগিতাত CallDoc নামৰ মবাইল এপ এটা মুকলি কৰি 24x7 বিনামূলীয়া চিকিৎসা পৰামৰ্শৰ আগবঢ়াই আছে। সাধাৰণ ৰোগীয়ে ঘৰত বহিয়েই ফোনৰ জৰিয়তে লাভ কৰিব পাৰিব পৰামৰ্শ ।

CallDoc এপৰ জৰিয়তে অনলাইনত বিনামূলীয়াকৈ চিকিৎসা পৰামৰ্শৰ ব্যৱস্থা দিল্লীত

author img

By

Published : Apr 16, 2020, 11:24 AM IST

নতুন দিল্লী,16 এপ্ৰিলঃ দিল্লী চৰকাৰৰ সহযোগিতাৰে নিৰ্মাণ কৰা হৈছে এটি বিনামূলীয়া চিকিৎসা পৰামৰ্শ এপ । এই এপৰ জৰিয়তে সাধাৰণ ৰোগীসকলে ফোনৰ জৰিয়তে চিকিৎসা পৰামৰ্শ ল'ব পাৰিব । 24x7 উপলব্ধ চিকিৎসা সেৱা হ'ব সম্পূৰ্ণ বিনামূলীয়া ।

ইয়াৰ লগতে দিল্লীৰ স্বাস্থ্য বিভাগে জনাই যে, ৰোগীয়ে এপটোৰ জৰিয়তে সাধাৰণ চিকিৎসকৰ লগতে বিশেষজ্ঞ চিকিৎসকৰো পৰামৰ্শ লাভ কৰিব পাৰিব । এই এপৰ বিষয়ে ঘোষণা কৰি দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ জৈনে কয় যে, 100 জন চিকিৎসকে বিনামূলীয়াকৈ ইয়াত সেৱা আগবঢ়াই আছে । চিকিৎসালয়ত অত্যাধিক ভিৰ নহ'বলৈ এই ব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে ।

এপটোত সেৱা আগবঢ়োৱা চিকিৎসকসকল দিল্লী চিকিৎসা পৰিষদ, দিল্লী চৰকাৰী চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় (UCMS) আৰু মৌলনা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত ।

এইটো এপ গুগ'ল প্লে ষ্ট'ৰ আৰু ioS ৰ পৰা ডাউলোড কৰিব পাৰিব । ইয়াৰ যোগেদি ব্যৱহাৰকাৰীজনে তেওঁ উল্লেখ কৰা ৰোগৰ লক্ষণ আৰু ল'ব বিচৰা পৰামৰ্শৰ ভিত্তিত চিকিৎসক বাচি ল'ব পাৰিব ।

COVID-19ৰ বাবে বিশ্বৰ লগতে দিল্লীতো চিকিৎসাৰ আন্তঃ গাঠনিত যথেষ্ট প্ৰভাৱ পেলাইছে । দিল্লীৰ অধিকাংশ হাস্পতালে COVID-19 হাস্পতাললৈ পৰিৱৰ্তন কৰা হৈছে ।

লগতে চাওকঃ কোভিড-19 :যোৰাবাট আৰক্ষীৰ তালাচী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.