ETV Bharat / bharat

এমবিবিএছৰ পৰীক্ষা পাতিবলৈ নিৰ্দেশ কলকাতা উচ্চ ন্যায়ালয়ৰ - এমবিবিএছ পাঠ্যক্ৰমৰ থাৰ্ড প্ৰফেশ্বনেল এমবিবিএছ পাৰ্ট-I পৰীক্ষা

ৰাজ্যখনৰ শীৰ্ষ আদালতে 14 জুলাইত পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত অনুষ্ঠিত থাকিব নোৱাৰিব তাৰ কাৰণ ৱেষ্ট বেংগল ইউনিভাৰ্ছিটী অৱ হেল্থ ছায়েন্সক প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

এমবিবিএছৰ পৰীক্ষা পাতিবলৈ নিৰ্দেশ কলকাতা উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Jul 14, 2020, 2:02 AM IST

নিউজ ডেস্ক, 14 জুলাই : পশ্চিমবংগৰ ৱেষ্ট বেংগল ইউনিভাৰ্ছিটী অৱ হেল্থ ছায়েন্সৰ অধীনস্থ এমবিবিএছ পাঠ্যক্ৰমৰ দুটাকৈ বৰ্ষৰ শিক্ষাৰ্থীসকলে আজি তেওঁলোকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ৷ সোমবাৰে এই নিৰ্দেশ প্ৰদান কৰে কলকাতা উচ্চ ন্যায়ালয়ে ৷ শেহতীয়া মহামাৰীৰ স্থিতিলৈ লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলে শীৰ্ষ আদালতত পৰীক্ষা বাতিল কৰিবলৈ দিয়া আবেদন নাকচ কৰি এই নিৰ্দেশ প্ৰদান কৰে ৷

ন্যায়াধীশ সুব্ৰত তালুকদাৰে এই নিৰ্দেশনা প্ৰদান কৰে ৷ নিৰ্দেশনাটোত এমবিবিএছ পাঠ্যক্ৰমৰ ছেকেণ্ড প্ৰফেশ্বনেল আৰু থাৰ্ড প্ৰফেশ্বনেল এমবিবিএছ পাৰ্ট-I ৰ পৰীক্ষা নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ বুলি পৰিচয় দি বিপদত এগৰাকী লোক

আদালতে শিক্ষাৰ্থীসকলক কয় যে, যিসকল শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদন কৰিছিল আৰু শেহতীয়া মহামাৰীৰ প্ৰামাণিক কাৰণ পৰীক্ষাত বহিব নোৱাৰিব বুলি আবেদন কৰিছে তেওঁলোকে নিজৰ নিজৰ কাৰণসমূহ দৰ্শাই ৱেষ্ট বেংগল ইউনিভাৰ্ছিটী অৱ হেল্থ ছায়েন্সৰ পৰীক্ষা নিয়ন্ত্ৰকক আবেদন কৰিব লাগিব বুলি নিৰ্দেশনা প্ৰদান কৰিছে ৷ পৰীক্ষা নিয়ন্ত্ৰকে এই সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণ কৰিব আৰু যদিহে সম্ভৱ হয় তেতিয়া নিৰ্ধাৰিত শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ বাবে অন্যান্য় ব্যৱস্থা গ্ৰহণ কৰিব ৷

শিক্ষাৰ্থীসকলৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা জ্যেষ্ঠ অধিবক্তা বিকাশ ভট্টাচাৰ্যই মঙলবাৰৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কোৱা নিৰ্দেশক সদ্যহাতে বন্ধ কৰি ৰাখিবলৈ কয় ৷ ইয়াৰ প্ৰত্যুত্তৰত ৰাজ্যখনৰ ষ্টেট এডভোকেট জেনেৰেল কিশোৰ দত্তই ছেকেণ্ড প্ৰফেশ্বনেল এমবিবিএছ পৰীক্ষাৰ বাবে সৰ্বমুঠ 650 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 45 গৰাকীয়ে পৰীক্ষাত উপস্থিত থাকিব নোৱাৰাৰ বিষয়ে প্ৰকাশ কৰিছে বুলি জনায় ৷ আনহাতে থাৰ্ড প্ৰফেশ্বনেল এমবিবিএছ পাৰ্ট-I ৰ সৰ্বমুঠ 444 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 13 গৰাকীয়ে পৰীক্ষাত উপস্থিত থাকিব নোৱাৰাৰ বিষয়ে প্ৰকাশ কৰিছে বুলি ৰাজ্যিক মহাধিবক্তাগৰাকীয়ে প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশ আৰক্ষীৰ 4 দিনৰ জিম্মাত বিকাশ ডুৱেৰ দুই সহযোগী

ৰাজ্যিক মহাধিবক্তাগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলৰ নিকটৱৰ্তী স্থানত পৰীক্ষাকেন্দ্ৰ পাতিবলৈ কোৱাৰ লগতে এইক্ষেত্ৰত নিষিদ্ধ এলেকাৰ প্ৰতি ধ্যান ৰাখিবলৈ কোৱাৰ লগতে আনলক 2.0ৰ প্ৰতি বিশেষ নজৰ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷

বিশ্ববিদ্যালয়ৰ পৰামৰ্শকাৰী সুপ্ৰতিক ৰয়ে, এমবিবিএছৰ এটা বৰ্ষৰ পাঠ্যক্ৰম আনটো বৰ্ষলৈ লৈ যোৱাটো এক সৰ্বভাৰতীয় ঘটনা আৰু ইয়াক পৃথকে গ্ৰহণ কৰিব পৰা নাযায় বুলি কয় ৷ সেয়েহে শীৰ্ষ আদালতে পৰীক্ষাসমূহ সম্পূৰ্ণৰূপে বাতিল নকৰাৰ সিদ্ধান্ত লয়, বিশেষকৈ অধিকাংশ প্ৰশিক্ষাৰ্থীয়ে নিৰ্ধাৰিত পৰীক্ষাকেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিষয়ে প্ৰকাশ কৰিছে ৷

ৰয়ে লগতে কয় যে, নিৰ্দিষ্ট প্ৰমাণ থকা যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব, তেওঁলোকৰ বাবে বিশ্ববিদ্যালয়ে পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ে সিদ্ধান্ত ল'ব ৷

লগতে পঢ়কঃ ঝাৰখণ্ডত একেদিনাই 66 গৰাকী আৰক্ষী কোভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.