ETV Bharat / bharat

অৰুণাচলত নিৰ্মাণ হ'ব দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পঃ কেবিনেটৰ অনুমোদন - prakash javedkar

2880 মেগাৱাট ক্ষমতাসম্পন্ন দিবাং জলবিদ্যুৎ প্ৰকল্পই বছৰি 112230নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিব ৷ ইয়াৰে 12 শতাংশ অৰ্থাৎ 1346.76 মিলিয়ন ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব অৰুণাচল চৰকাৰে ৷ আনহাতে 1 শতাংশ অৰ্থাৎ 112 নিযুত ইউনিট স্থানীয় এলেকা উন্নয়ন পুঁজিত ব্যৱহাৰ কৰা হ'ব ৷

বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰ
author img

By

Published : Jul 18, 2019, 2:08 PM IST

নিউজ ডেস্ক, 18 জুলাইঃ2000 মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ লগতে বিষয়টো সেউজ ন্যায়াধিকৰণত ওলমি আছে ৷ তেনে সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাত দিবাং নদীৰ ওপৰত দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে ৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত 2880 মেগাৱাট ক্ষমতাসম্পন্ন দিবাং বহুমুখী প্ৰকল্পৰ নিৰ্মাণত অনুমোদন জনোৱা হৈছে ৷ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰকল্পটোৰ বাবে 1600 কোটি টকা অনুমোদন জনোৱা হৈছে ৷ 9 বছৰৰ ভিতৰত সম্পূ্ৰ্ণ কৰিবলগীয়া জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে 28080.35 কোটি টকা ব্যয় হ'ব ৷ 278 মিটাৰ উচ্চতাৰ এই নদীবান্ধটো দেশৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাৰ বান্ধ হ'ব ৷

ETV BHARAT ASSAM
বৈঠকৰ পাছত সংবাদমেল সম্বোধন কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰৰ

2880 মেগাৱাট ক্ষমতাসম্পন্ন দিবাং জলবিদ্যুৎ প্ৰকল্পই বছৰি 112230নিযুত ইউনিট বিদ্যুৎ উৎপাদন কৰিব ৷ ইয়াৰে 12 শতাংশ অৰ্থাৎ 1346.76 মিলিয়ন ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব অৰুণাচল চৰকাৰে ৷ আনহাতে 1 শতাংশ অৰ্থাৎ 112 নিযুত ইউনিট স্থানীয় এলেকা উন্নয়ন পুঁজিত ব্যৱহাৰ কৰা হ'ব ৷

ইপিনে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম আৰু অৰুণাচল প্ৰদেশৰ দল-সংগঠনৰ ক্ষোভ, অসন্তুষ্টি অব্যাহত থকাৰ পাছতে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত কেবিনেটে প্ৰদান কৰা অনুমোদনক সংগঠনসমূহে কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷ ইতিমধ্যে কৃষক নেতা অখিল গগৈয়ে সংবাদমেল আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷ দেশৰ ভিতৰতে বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণকলৈ উত্তৰ-পূৰ্বাঞ্চলত পুনৰ অস্থিৰতাৰ সৃষ্টি হ'ব নেকি? বৃহৎ নদীবান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত সুৰক্ষিত হৈ থাকিবনৈ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ লগতে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ? এই মুহূৰ্তত সেয়া হৈ পৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

Intro:Body:

অৰুণাচলত নিৰ্মাণ হ'ব দেশৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পঃ কেবিনেটৰ অনুমোদন

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.