ETV Bharat / bharat

উত্তৰ-পূ্ৰ্বাঞ্চলত COVID-19ৰ প্ৰকোপ কমাইছে 'কা' প্ৰতিবাদে !

author img

By

Published : Apr 12, 2020, 9:27 PM IST

এক লিখনিৰ জৰিয়তে জ্যেষ্ঠ সংবাদদাতা সঞ্জীৱ কুমাৰ বৰুৱাই লিখিছে, পৰ্যটনৰ স্বৰ্গ হোৱাৰ পাচতো পূৰ্বোত্তৰ ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু চিকিমত এটাও কৰ'ণাত আক্ৰান্তৰ ঘটনা পোহৰলৈ অহা নাই ৷ নাগৰিকত্ব সংশোধনী অধিনিয়মৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক বিৰোধিতা চলি থকাৰ বাবে এয়া সম্ভৱ হৈছে বুলি জনাইছে লেখকগৰাকীয়ে ৷ তেওঁৰ মতে, 'কা' প্ৰতিবাদৰ ঢৌৰ বাবে নিজৰ ভ্ৰমণ আঁচনি বাতিল কৰিছিল বিদেশী পৰ্যটকসকলে ৷

CAA protests may have saved NE states from COVID-19 outbreak
উত্তৰ-পূ্ৰ্বাঞ্চলত COVID-19ৰ প্ৰকোপ কমাইছে 'কা' প্ৰতিবাদে !

নিউজ ডেস্ক,12 এপ্ৰিলঃ এই সময়ত বিশ্ববাসী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে এক জটিল আৰু হতাশজনক যুদ্ধত ব্ৰতী হৈ আছে ৷ বৰ্তমানলৈকে এক লাখতকৈও অধিক লোকৰ প্ৰাণ কাঢ়িছে এই কৰ'ণা মহামাৰীয়ে ৷ ভাৰতবৰ্ষও কৰ'ণা মহামাৰীৰ বিৰুদ্ধে এখন দীঘলীয়া যুদ্ধৰ বাবে মাৰ বান্ধি থিয় দিছে ৷

ইয়াৰ মাজতে ভাৰতত তিনিখন ৰাজ্য এনেকুৱা আছে, য'ত এই পৰ্যন্ত এজনো কৰ'ণাত আক্ৰান্ত হোৱা নাই ৷ এই তিনিওখন ৰাজ্যই আছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত ৷ সৌভাগ্যক্ৰমে বৰ্তমানলৈকে মেঘালয়, নাগালেণ্ড আৰু চিকিমত এই পৰ্যন্ত এজনো কৰ'ণাত আক্ৰান্ত ব্যক্তি চিহ্নিত হোৱা নাই ৷

ইতিমধ্যে ভাৰতত 8,000 তকৈও অধিক কোভিড-19 ৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰে 273 জন লোক এতিয়ালৈকে মৃত্যুমখত পৰিছে ৷ পৰ্যটনৰ স্বৰ্গ হিচাপে জনাজাত উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী অধিনিয়মৰ ওপৰত যি হাৰত বিৰোধ হ'ল, সেয়াই এতিয়ালৈকে কৰ'ণাত আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে কম হোৱাত সহায়ক হৈছে ৷

উত্তৰ-পূৰ্বাঞ্চলত 'কা' প্ৰতিবাদৰ ঢৌৱে নিজৰ ভ্ৰমণ আঁচনি বন্ধ কৰাৰ বাবে প্ৰেৰিত কৰিছিল বিদেশী পৰ্যটকসকলক ৷ বহু পৰ্যটকে বাতিল কৰিছিল নিজৰ ভ্ৰমণসূচী ৷ উত্তৰ-পূবৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাও আছে ৷ 2019 চনৰ জানুৱাৰীৰ প্ৰথমভাগৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা চলি আহিছে ৷ দেওবাৰলৈকে উত্তৰ-পূবত মুঠ আক্ৰান্তৰ সংখ্যা 35জন ৷ ইয়াৰে গৰিষ্ঠসংখ্যক দিল্লীৰ নিজামুদ্দিন তাবলিগীত অংশগ্ৰহণকাৰী তথা অংশগ্ৰহণকাৰীৰ সংস্পৰ্শলৈ অহা লোক ৷

অৰুণাচল প্ৰদেশ আৰু মিজোৰামত কেৱল এটাকৈ, মণিপুৰ আৰু ত্ৰিপুৰাত দুটাকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে অসমতে মুঠ 29 জন লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷

অৰুণাচল প্ৰদেশত আক্ৰান্ত ব্যক্তিগৰাকীয়ে অংশগ্ৰহণ কৰিছিল দিল্লীৰ নিজামুদ্দিন তাবলিগী জামাতত ৷ আনহাতে, মিজোৰামত আক্ৰান্ত ব্যক্তিগৰাকীৰ বিদেশ ভ্ৰমণৰ ইতিবৃত্ত আছে ৷

লগতে পঢ়কঃতালিবানে মুকলি কৰিলে 20 বন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.