ETV Bharat / bharat

সংশোধিত নাগৰিকত্ব আইনে ভাৰত-বাংলাদেশৰ সম্বন্ধত প্ৰভাৱ নেপেলাই

author img

By

Published : Dec 21, 2019, 9:09 PM IST

ৰাজনৈতিক পৰিক্ৰমা আৰু কৌশল বিশেষজ্ঞ সুবিমল ভট্টচাৰ্যই মন্তব্য কৰে যে ভাৰতৰ সংশোধিত নাগৰিকত্ব আইনখন প্ৰৱৰ্তন কৰা সিদ্ধান্তই বাংলাদেশ আৰু ভাৰতৰ সম্বন্ধত কোনো প্ৰভাৱ নেপেলায় ৷

Subimal Bhattacharjee
সুবিমল ভট্টচাৰ্য

নিউজ ডেস্ক, 21 ডিচেম্বৰঃ ভাৰতৰ সংশোধিত নাগৰিকত্ব আইনখন প্ৰৱৰ্তন কৰা সিদ্ধান্তই বাংলাদেশ আৰু ভাৰতৰ সম্বন্ধত কোনো প্ৰভাৱ নেপেলায় ৷ ভাৰত আৰু বাংলাদেশৰ মাজত বহুত ভাল সম্বন্ধ আছে কিয়নো নৰেন্দ্ৰ মোডী আৰু শ্বেইখ হাচিনাৰ নেতৃত্বত দুয়োখন দেশৰ মাজত থকা সম্বন্ধটো সোণালী ক্ষণ বুলি কয় ৷ শনিবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজনৈতিক পৰিক্ৰমা আৰু কৌশল বিশেষজ্ঞ সুবিমল ভট্টাচাৰ্যই এই মন্তব্য প্ৰকাশ কৰে ৷ লগতে তেওঁ কয় যে সংশোধিত নাগৰিকত্ব আইন খনে দুয়োখন দেশৰ সম্বন্ধত কোনো প্ৰভাৱ নেপেলায় ৷

ইয়াৰোপৰিও তেওঁ কয় যে বাংলাদেশৰ পৰা ভাৰতলৈ অহা বহু লোকে দীৰ্ঘদিনৰ পৰা ভাৰতত বসবাস কৰি আছে ৷ ধাৰণা কৰা হৈছে যে বাংলাদেশীয়ে দখল কৰি থকা কৰ্মসংস্থাপন সমূহ নাগৰিকত্ব সুনিশ্চিত কৰাৰ লগে লগে সমাপ্ত হৈ যাব ৷ উল্লেখ্য যে বাংলাদেশে পূৰ্বেও কৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু সংশোধিত নাগৰিকত্ব আইনখন ভাৰতৰ আভ্যন্তৰীণ বিষয় ৷ শেহতীয়াকৈ বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ.কে আব্দুল মেমনে প্ৰকাশ কৰিছিল যে ভাৰত-বাংলাদেশৰ সম্বন্ধ এতিয়াও ভাল হৈ আছে ইয়াৰ ওপৰত কোনো প্ৰভাৱ নপৰে ৷ তদুপৰি তেওঁ কয় যে কোনো বাংলাদেশী লোক যদি অবৈধভাৱে ভাৰতত বাস কৰি আছে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈ ভাৰতক অনুৰোধ কৰা হৈছিল ৷ ভট্টাচাৰ্যই লগতে কয় যে দুয়োখন দেশৰ নেতৃত্বই এই বিষয়ত ইতিমধ্যে আলোচনা কৰিছে৷

ৰাজনৈতিক পৰিক্ৰমা আৰু কৌশল বিশেষজ্ঞ সুবিমল ভট্টচাৰ্য

ইপিনে বাংলাদেশৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সংশোধিত নাগৰিকত্ব আইনখনৰ ওপৰত সংযুক্ত ৰাষ্ট্ৰৰ গণভোট সংগ্ৰহ কৰাৰ আহ্বানত ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে, গণতান্ত্ৰিক ৰূপত নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে শক্তিশালী গণতান্ত্ৰিক প্ৰতিষ্ঠানক বিশ্বাস নকৰাটো দুৰ্ভাগ্যজনক ৷ উল্লেখ্য যে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলিকতাত সংশোধিত নাগৰিকত্ব আইনখনৰ ওপৰত সংযুক্ত ৰাষ্ট্ৰৰ তদাৰকৰ আহ্বান জনাইছিল ৷ তদুপৰি তেওঁ কয় যে মমতা বেনাৰ্জীৰ বাবে দুয়োখন দেশে 'তিস্তা পানী চুক্তি'ত স্বাক্ষৰ কৰিব পৰা নাই ৷ তিস্তা পানীৰ ভাগ বতৰাৰ বিষয়টো দুয়োখন দেশৰ বিষয়বস্তুত সদায় শীৰ্ষ স্থান লাভ কৰিছে কিন্তু মমতা বেনাৰ্জীৰ বিৰোধিতাই এই বিষয়টোৰ আগত বাধা হিচাপে ঠিয় দিছে ৷ যদি দুয়োখন দেশে এই চুক্তিত স্বাক্ষৰ কৰে তেন্তে এই চুক্তিয়ে বাংলাদেশক তিস্তা পানী পোৱাত সহায় কৰিব ৷ কিন্তু ভট্টাচাৰ্যই অভিযোগ কৰে যে মমতা বেনাৰ্জীৰ দাবী অনুসৰি পানীৰ ভাগ বতৰা কৰিলে বাংলাদেশত খৰাং হ'ব পাৰে ৷

লগতে পঢ়ক - চিৰাঙত দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি

Intro:Body:

CAA IS NOT GOING TO HAMPER THE FRIENDLY RELATION WITH BANGLADESH

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.