সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰে পৰা ভাৰতবৰ্ষ উত্তাল হৈ আছে । ছাত্ৰ-ছাত্ৰীসকলে সংবিধান ৰক্ষা কৰিবলৈ আহ্বান জনাই আহিছে । মুছলমান মহিলাসকলে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি, গান্ধী আৰু আম্বেদকাৰৰ প্ৰতিছবি লৈ বা গণতন্ত্ৰ সম্পৰ্কীয় প্লেকাৰ্ডেৰে ঐতিহাসিক বাৰ্তা প্ৰেৰণ কৰিছে । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দেশজোৰা প্ৰতিবাদ আৰু দিল্লীৰ হিংসাত্মক ঘটনা শিৰোনাম হৈ পৰিছে । প্ৰাচীন সভ্যতাৰ পৰা বৰ্তমান পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে থকা ভাৰতৰ ইতিবাচক ছবিখন বিনষ্ট হৈছে ।
ৰাষ্ট্ৰপতি ভৱনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বাবে নৈশভোজৰ আয়োজন কৰি থকাৰ সময়তে কেনেদৰে উত্তৰ-পূব দিল্লী হিংসাৰ জুইত জ্বলি উঠিছিল সেই বিষয়ে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে । ৰাষ্ট্ৰসংঘ আৰু বিভিন্ন দেশৰ চৰকাৰৰ মাজত এই বিষয়ত চিন্তা-চৰ্চা চলিছে । মালয়েছিয়া, তুৰ্কী, ইৰান আৰু কানাডাই মুকলিভাৱে এই সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰিছে ।
আন বহু দেশে ‘কা’ ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মতপোষণ কৰা সত্বেও নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাইছে । কিছুসংখ্যক আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাই হিংসাত্মক ঘটনাক গৰিহণা দি তথা ‘কা’ বাতিল কৰাৰ দাবী জনাই বিবৃতিও প্ৰকাশ কৰিছে । আইনখনৰ বৈষম্যমূলক দিশ আৰু মুছলমানসকলক লক্ষ্য কৰি লোৱা বিষয়ে প্ৰভাৱশালী প্ৰকাশনত প্ৰবন্ধ-পাতি লিখা হৈছে । বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যৱসায়িক আলোচনী দ্য ইকনমিষ্টে হিংসাত্মক ঘটনাৰ সময়ত নাগৰিকসকলক ৰক্ষা কৰাত ব্যৰ্থতা আৰু অৰ্থনৈতিক মন্থৰতা প্ৰতিৰোধ কৰাত বিফল হোৱাৰ বাবে চৰকাৰক মুকলিভাৱে সমালোচনা কৰিছে । এনে এক পৰিৱেশত কোনে ভাৰতবৰ্ষত বিনিয়োগ কৰিবলৈ বিচাৰিব বুলি আলোচনীখনে প্ৰশ্ন কৰিছে ।
আমি মানি ল’ব লাগিব যে নাগৰিকত্ব সংশোধনী আইনৰ বাবে বিশ্বৰ দৃষ্টিত ভাৰতবৰ্ষৰ ভাৱমূৰ্তি ম্লান পৰিছে । বিগত পাঁচ বছৰত বৈদেশিক নীতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে আদায় কৰা লাভসমূহৰ প্ৰতি সংকট আহি পৰিছে । ইয়াতে প্ৰশ্ন উত্থাপন হয় চৰকাৰে এই দিশবোৰৰ প্ৰতি দৃষ্টি দিয়া নাই কিয় ? ঘৰুৱা শান্তি আৰু গোলকীয় প্ৰতিচ্ছবিৰ বিনিময়ত কিয় চৰকাৰে বিদেশীক নাগৰিকত্ব দিবলৈ বিচাৰিছে ?
এই আইনখনৰ মূল বৈশিষ্ট্য এয়ে যে ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান লোকসকলক ই নাগৰিকত্ব প্ৰদান কৰে । অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (ইংৰাজীত চমুকৈ এন আৰ চি) জৰিয়তে ১৯ লাখ লোকক নাগৰিকত্ব তালিকাৰ পৰা বাদ দিয়াটো অতিকৈ বিসংগতিপূৰ্ণ । ইয়াৰ ফলত সাধাৰণ ভাৰতীয়সকলৰ নাগৰিকত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন হ’ব পাৰে বুলি ভয়-শংকাৰ সৃষ্টি হৈছে । কা-এন পি আৰ আৰু এন আৰ চিয়ে বিদেশী অনুপ্ৰৱেশকাৰী নোহোৱা কৰিব বুলি গৃহমন্ত্ৰীকে ধৰি বিজেপিৰ কাৰ্যকৰ্তাসকলে কৰা দাবীয়ে ভয় অধিক ঘনীভূত কৰি তুলিছে । পলমকৈ প্ৰধানমন্ত্ৰীয়ে দেশজুৰি এন আৰ চিৰ পৰিকল্পনা কৰা নাই বুলি কৰা ঘোষণাই ৰাইজক আশ্বস্ত কৰিব পৰা নাই । কিয়নো চৰকাৰ আৰু ৰাইজৰ মাজত বিশ্বাসৰ অভাৱ আছে । গো-ৰক্ষাকলৈ হিংসা, লিঞ্চিং, নিৰ্বাচিত জ্যেষ্ঠ নেতাৰ উত্তেজক ভাষণ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত আৰক্ষীৰ দ্বাৰা মুকলি বৈষম্য আদিয়ে ৰাইজক সন্দেহবাদী কৰি তুলিছে । ‘কা’ত মুছলমানক অন্তৰ্ভুক্ত নকৰাৰ বাবে বৃহৎ সংখ্যক মুছলমান লোকে অন্যায় আৰু বৈষম্যমূলক আইনখনৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ সাংবিধানিক অধিকাৰ আদায় কৰিবলৈ ওলাই আহিছে ।
এই আইনখন কিছুসংখ্যক অনিয়মৰে ভৰা । ইয়াত ধৰ্মীয় উৎপীড়ন সম্পৰ্কে ভ্ৰান্তিকৰ ব্যাখ্যা দিয়া হৈছে । উৎপীড়নৰ বলি হোৱা লোকক আশ্ৰয় আৰু নাগৰিকত্ব প্ৰদান কৰাটো এক মহৎ কাম যাক কোনেও বিৰোধিতা কৰিব নোৱাৰে । কিন্তু যেতিয়া উৎপীড়নৰ বলি হোৱা কোনোবাই সুবিধা লাভ কৰিলে আৰু আন কোনোবা বহিষ্কৃত হ’লে সেয়া বৈষম্যমূলক আইন হৈ পৰে । সাংবিধানিক নীতিয়ে ধৰ্মৰ ভিত্তিত কোনো আইনৰ আওতাৰ পৰা কোনো লোকক বাহিৰত ৰখাটো সমৰ্থন নকৰে ।
দুৰ্ভাগ্যজনকভাৱে আমাৰ চুবুৰীয়া বহুকেইখন দেশেই ধৰ্ম প্ৰধান । ধৰ্মক মূলতঃ ৰাজনৈতিক উদ্দেশ্য আৰু বিৰোধী কন্ঠক ৰুধিবলৈ ব্যৱহাৰ কৰা হয় । অলপ সময়ৰ বাবে ৰাজনৈতিক বিৰোধীসকলৰ কথা পহৰা যাওক, মুছলমানসকলৰ মাজতে থকা ছিয়া, আহমেদিয়া বা হাজাৰা আদি সংখ্যালঘুৰ কথা পাহৰি যাওক, উৎপীড়নৰ বলি হোৱা অধিকাংশই ছুন্নী মুছলমান । এই ক্ষেত্ৰত ধৰ্মীয় ভণ্ডামিৰ বিৰোধিতা কৰাসকলক কেনেদৰে হত্যাৰ জৰিয়তে নিশ্চুপ কৰিবলৈ পাকিস্তানত আইন ব্যৱহাৰ কৰা হৈছে তাৰ উদাহৰণ লোৱা যাওক । এনেবোৰ আইনৰ অধীনত শাস্তি মৃত্যুদণ্ড । বহুতেই দেশ ত্যাগ কৰি বিশ্বৰ আন প্ৰান্তত আশ্ৰয় ল’বলৈ বাধ্য হৈছে । বাংলাদেশত ৰাজনৈতিক ইছলাম আৰু সমাজত ইয়াৰ প্ৰভাৱ সম্পৰ্কে প্ৰশ্ন কৰা ধৰ্ম নিৰপেক্ষ কৰ্মী আৰু ব্লগাৰসকলক কেনেদৰে ভয়াৱহভাৱে হত্যা কৰা হৈছে সেয়াও এক জ্বলন্ত উদাহৰণ । কিন্তু তেওঁলোক ভাৰতত আশ্ৰয় গ্ৰহণ কৰিবলৈ যোগ্য নহয় । কাৰণ তেওঁলোকক মুছলমান বাবে বাদ পৰিবলৈ দিয়া হৈছে ।
আন এক অনিয়ম হ’ল নাগৰিকত্ব সংশোধনী আইনক কেৱল মুছলমান প্ৰধান তিনিখন দেশৰ ক্ষেত্ৰতে সীমাবদ্ধ ৰখা হৈছে । কিন্তু শেহতীয়া বুৰঞ্জীত আটাইতকৈ উৎপীড়ন ঘটিছে শ্ৰীলংকাত তামিলসকলৰ ওপৰত ৷ শ্ৰীলংকাত বিদ্ৰোহী সংগঠন এল টি টি ই আৰু সেনাবাহিনীৰ মাজত হোৱা যুদ্ধত ভাৰতীয় বংশোদ্ভৱ বহু নিৰপৰাধী তামিল লোকৰ মৃত্যু হৈছে । নাগৰিকত্ব সংশোধনী আইন যে হিন্দু ৰাষ্ট্ৰবাদৰ পৰা সৃষ্ট এক আদৰ্শগত আইন সেই সম্পৰ্কে হোৱা সমালোচনাক চৰকাৰে মানি ল’ব লাগে । এই আইনখন সংশোধন কৰি আৰু চুবুৰীয়া আটাইবোৰ দেশৰে উৎপীড়িত লোকসকলক সাঙুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বিশ্বাস আহৰণৰ কথা ক’ব লাগে ।
শেষত কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল-নিজ দেশৰ নাগৰিকৰ সমস্যা সমাধান কৰিব নোৱৰা এই চৰকাৰখনে বিদেশীক নাগৰিকত্ব দিবলৈ কিয় ইমান আগ্ৰহী ? ইয়াৰ কাৰণ এয়ে যে এই আইনৰ জৰিয়তে পশ্চিমবংগ আৰু আন স্থানত নিৰ্বাচনী লাভালাভৰ লক্ষ্য কৰা হৈছে ।
নাগৰিকত্ব সংশোধনী আইনৰ দৰে অপ্ৰয়োজনীয় আইনৰ সলনি চৰকাৰে অৰ্থনীতি আৰু সংস্থাপনত প্ৰাধান্য দিব লাগে । শেহতীয়াকৈ ভাৰতবৰ্ষই এক ভয়াৱহ আৰ্থিক সংকটৰ মুখামুখি হৈছে । উৎপাদন খণ্ডটো নিম্নমুখী হৈ পৰিছে আৰু চাৰিটা দশকৰ ভিতৰত নিবনুৱাৰ হাৰ সৰ্বাধিক । খেতিৰ খৰচ বৃদ্ধি আৰু জলবায়ুৰ সমস্যাৰ বাবে দেশজুৰি কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে । আমাৰ নৱ প্ৰজন্মৰ বাবে আমাক অধিক শিক্ষা আৰু বৃত্তিমূলক সুবিধা লাগে । নাৰীৰ নিৰাপত্তাৰ প্ৰতি বহু কৰণীয় আছে । বিকাশ আৰু প্ৰগতিৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচিত হোৱা চৰকাৰ এখনে অদৰকাৰী আইন এখনত ব্যতিব্যস্ত থাকিব নোৱাৰে । হিংসাত্মক ঘটনা আৰু সামাজিক একতাৰ অভাৱৰ মাজত মেক ইন ইণ্ডিয়াই বিদেশী বিনিয়োগক আকৰ্ষিত কৰিব নোৱাৰে । ন্যায়, সমতা আৰু বৈষম্যহীনতাৰ সাংবিধানিক প্ৰতিশ্ৰুতি নিশ্চিত কৰাৰ বাবে চৰকাৰখন দায়বদ্ধ । চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ইয়াৰ স্থিতিকলৈ পুনৰ বিবেচনা কৰিব লাগে যাৰ অবিহনে বহু-সংস্কৃতি আৰু বহু ধৰ্মীয় বিশ্বাসৰ এক গণতন্ত্ৰ হিচাপে ভাৰতবৰ্ষৰ থকা প্ৰতিচ্ছবিখন নাইকিয়া হৈ পৰিব ।
লেখকঃ জাকিয়া ছমান
লগতে চাওকঃ