নেশ্যনেল ডেক্স , 8 ফেব্ৰুৱাৰী : শনিবাৰে পঞ্জাৱৰ মহালী জিলাত বিল্ডিং খহি বহুকেইজন লোক আৱদ্ধ হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ খাৰাৰ লানড্ৰান ৰ'ডত অৱস্থিত বিল্ডিংটোৰ বেচমেন্ট খন্দাৰ ফলতেই ঘটনাটো সংঘটিত হয় ৷ এনডিআৰএফ বাহিনীয়ে দুজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ বৰ্তমানেও ভগ্নাৱশেষটোত 6ৰ পৰা 7 জন লোক আৱদ্ধ হৈ আছে বুলি জানিবলৈ দিয়ে ৷ এনডিআৰএফ বাহিনী আৰু আন সহায়কাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
আৰু পঢ়ক : মুম্বাইৰ মিলন ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ অট্টালিকাত অগ্নিকাণ্ড