নেশ্যনেল ডেস্ক, ১১ ডিচেম্বৰ: কেৰেলাৰ এৰ্ণাকুলাম জিলাত সংঘটিত হোৱা এক ঘটনাৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'ছিয়েল মিডিয়াত । ভিডিঅ'টোত দেখা গৈছে যে, এখন বাহনৰ পিছফালে এটা কুকুৰক ৰছীৰে বান্ধি চোঁচৰাই নিয়া হৈছে । উদ্দেশ্য হৈছে তাক পথৰ দাঁতিৰ জংঘলত নি এৰি দিয়া । কেৰেলাৰ এৰ্ণাকুলাম জিলাৰ ৰাজপথত সংঘটিত এই নিৰ্মম ঘটনাৰ দৃশ্য অখিল নামৰ এগৰাকী বাইক আৰোহীয়ে নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰে ।
ইয়াৰ পিছতে ছ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে জীৱশ্ৰেষ্ঠৰ বৰ্বৰতাৰ বলি হোৱা পোহনীয়া কুকুৰটোৰ দুৰ্দশাৰ দৃশ্য । এই ঘটনাৰ পিছতে আৰক্ষীয়ে জন্তুৰ ওপৰত অত্যাচাৰ চলোৱা হৃদয়হীন ইউছুফ নামৰ লোকজনক আটক কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ইউছুফে সেই কুকুৰটো আঁতৰি যোৱাতো বিচাৰিছিল, কিয়নো কুকুৰটোৰ বাবে পথেৰে অহা-যোৱা কৰাত অসুবিধা হয় । আনহাতে, ভিডিঅ'টো প্ৰস্তুত কৰা অখিল নামৰ লোকজনে কয় যে, দিনৰ প্ৰায় ১১ বজাত পাৰাবুৰৰ সমীপত তেওঁ কুকুৰটো চোঁচৰাই নিয়া প্ৰত্যক্ষ কৰে ।
অখিলৰ মতে, এই দৃশ্য ভয়ানক আছিল । কুকুৰটোৰ ডিঙিত এডাল ৰছী বান্ধি নিষ্ঠুৰভাৱে ৰাজপথত চোঁচৰাই নিয়া হৈছিল । অৱশ্যে, ইউছুফে ইয়াৰ পিছত কুকুৰটোক ৰাস্তাত এৰি দিয়ে । আৰক্ষীয়ে কয় যে, কুকুৰটোক পিছত চৰকাৰী পশু চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসা প্ৰদান কৰে । অখিলে প্ৰকাশ কৰিছে যে, তেওঁ এই ঘটনাৰ বিষয়ে পশু কল্যাণ সংগঠন ডি এ ৱাই এক অৱগত কৰিছিল, যিয়ে আৰক্ষীক অভিযোগ দিয়ে । ইয়াৰ পিছতে আৰক্ষীয়ে ইউছুফক আটক কৰে ।
লগতে পঢ়ক:মিজোৰাম বিজেপি প্ৰদেশৰ তত্বাবধায়ক শ্ৰী মনলুম্ কিকনৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ