ETV Bharat / bharat

ব্ৰীকছঃ পৰিক্ৰমা আৰু আমাৰ বাবে ইয়াৰ তাৎপৰ্য - ব্ৰীকছ কিয় আমাৰ বাবে গুৰুত্বপূৰ্ণ

11 সংখ্যক ব্ৰীকছ সন্মিলন ব্ৰাজিলৰ ব্ৰাছিলিয়া চহৰত 14 নৱেম্বৰত অন্ত পৰে । পাঁচখন দেশৰ সদস্যৰে বছৰেকীয়া এই অনুষ্ঠানত ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ নিজা নিজা মুৰব্বীসকল উপস্থিত থাকে ।

ব্ৰীকছঃ ইয়াৰ পৰিক্ৰমা আৰু আমাৰ বাবে তাৎপৰ্য
author img

By

Published : Nov 21, 2019, 1:01 PM IST

Updated : Nov 21, 2019, 2:01 PM IST

11 সংখ্যক ব্ৰীকছ সন্মিলন ব্ৰাজিলৰ ব্ৰাছিলিয়া চহৰত 14 নৱেম্বৰত অন্ত পৰে । পাঁচখন দেশৰ সদস্যৰে বছৰেকীয়া এই অনুষ্ঠানত ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ নিজা নিজা মুৰব্বীসকল উপস্থিত থাকে ।

ব্ৰাজিল, ৰাছিয়া, ভাৰত আৰু চীনক প্ৰতিনিধিত্ব কৰা ব্ৰীক বা BRIC শব্দটো প্ৰথমবাৰৰ বাবে 2001 চনত গল্ডমেন চাছ্ এচেটছ্ মেনেজমেণ্ট গ্ৰুপৰ অধ্যক্ষ জিম অ’নিলে ব্যৱহাৰ কৰিছিল । পৃথিৱীৰ দ্ৰুতগামী চাৰি অৰ্থনীতিক বুজাবলৈ এই শব্দটো তেওঁ ব্যৱহাৰ কৰিছিল । অ’নিলে ভৱিষ্যদ্বাণী কৰিছিল যে এই দেশকেইখনে 2050ৰ ভিতৰত পাঁচ শীৰ্ষ অৰ্থনীতিৰ ভিতৰত চাৰিখন আসন দখল কৰাৰ লগতে চীন আৰু ভাৰতে শীৰ্ষ দুটা স্থান অধিকাৰ কৰিব । এই দেশসমূহৰ অব্যাহত থকা আৰ্থিক প্ৰগতিলৈ চাই তেওঁ এই ভৱিষ্যদ্বাণী কৰিছিল । ক্ৰমবৰ্দ্ধমান বিকাশৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই দেশসমূহ একত্ৰিত হৈছিল আৰু 2009 চনত ৰাছিয়াত ব্ৰীকৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল । পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকা সংযোজিত হোৱাত ইয়াৰ নাম ব্ৰীকছ হৈ পৰিছিল । আন বহু দেশ যেনে ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, পাকিস্তান আদিয়ে এই নতুন গোটত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আহিছে । ব্ৰীকছে পৃথিৱীৰ মুঠ ভূখণ্ডৰ 27 শতাংশ সামৰাৰ লগতে মুঠ জনসংখ্যাৰ 41 শতাংশ লোককে সাঙুৰি লৈছে । ব্ৰীকছৰ অধীনত আছে 18.6 ত্ৰিলিয়ন আমেৰিকান ঘৰুৱা উৎপাদন বা জিডিপি আৰু 40.55 ত্ৰিলিয়ন ডলাৰ জিডিপিৰ লগতে 4.46 ত্ৰিলিয়ন আমেৰিকান ডলাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আছে । এই ক্ষেত্ৰত চীনৰ অৱদান উল্লেখনীয় । এই বৃহৎ সংখ্যাৰ ফলত সমগ্ৰ বিশ্বই ব্ৰীকছক গুৰুত্ব সহকাৰে ল’বলৈ বাধ্য হৈছে ।

বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু গোলকীয় আৰ্থিক পৰিস্থিতি উন্নত কৰাৰ প্ৰাথমিক উদ্দেশ্যৰে গঠিত ব্ৰীকছে শীঘ্ৰে পশ্চিমীয়া শক্তিৰে প্ৰভাৱিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু বিশ্ববেংকৰ পক্ষপাতিত্বমূলক কাৰ্য প্ৰণালী সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ লয় । উন্নয়নশীল দেশসমূহে ঋণ লোৱাৰ চিৰাচৰিত ধাৰণাৰ বিপৰীতে 2012 চনত ব্ৰীকছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ ঋণ প্ৰদানৰ ক্ষমতা ৭৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰে ।

দুখজনকভাৱে মন্থৰ গতিৰে আগবঢ়াৰ বাবে সমালোচিত হ’লেও 2014 চনত প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ পৰা 10 বিলিয়ন আমেৰিকান ডলাৰ বৰঙণিৰে ব্ৰীকছে নিজাবৱীয়াকৈ নিউ ডেভলপমেণ্ট বেংক স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে । সদস্য ৰাষ্ট্ৰসমূহৰ এই বৰঙণিৰ পৰিমাণ পৰৱৰ্তী সময়ত দুগুণ কৰা হ’ব । এই বেংকে বিভিন্ন দেশত উন্নয়নমূলক প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰে । আনহাতে সদস্য ৰাষ্ট্ৰসমূহে সাময়িক বেলেঞ্চ পেমেণ্ট সংকটৰ সন্মুখীন হোৱাৰ সময়ত সকাহ প্ৰদানৰ উদ্দেশ্যে ব্ৰীকছে কনটিনজেন্সি ৰিজাৰ্ভ এৰেঞ্জমেণ্ট স্থাপনৰ বাবে 2014 চনত চুক্তি স্বাক্ষৰ কৰিছিল । 100 বিলিয়নৰ এই মুলধনে ব্ৰীকছৰ সংকটৰ সময়ত বিত্তীয় স্থিৰতা প্ৰদানত সহায় কৰিব । সদস্য ৰাষ্ট্ৰসমূহে যোগাযোগ প্ৰযুক্তি, শুল্ক-কৰ, জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ, সন্ত্ৰাসবিৰোধী, স্বাস্থ্য, বিজ্ঞান-প্ৰযুক্তিত অভিনৱত্ব, শক্তি, আমেৰিকাৰ চেংছনৰ পৰা মুক্ত হৈ SWIFTক প্ৰত্যাহ্বান জনাব পৰাকৈ পৃথক ধন সৰবৰাহৰ ব্যৱস্থা আদিৰ ক্ষেত্ৰতো চুক্তি বা বুজাবুজিৰ বাবেও কাম কৰি আছে । আন বহুস্তৰীয় সংগঠনৰ দৰে ব্ৰীকছেও সমালোচনাৰ সন্মুখীন হৈ আহিছে । কিছুসংখ্যক সমালোচকে ইয়াক চীন কেন্দ্ৰিক আখ্যা দিয়াৰ বিপৰীতে আন একাংশই ইয়াক ভিন্নধৰ্মী আৰু প্ৰতিযোগিতাৰ স্বাৰ্থকেন্দ্ৰিক অনুষ্ঠান বুলি সমালোচনা কৰি আহিছে । কিন্তু এটা কথা আমি মনত ৰখা উচিত যে সদস্যসমূহৰ অনুৰূপ উদ্দেশ্য নথকাৰ বাবে সকলো আঞ্চলিক সংগঠনতে মতানৈক্য থাকে । পতাৰ মাজতে সমাধান সূত্ৰ উলিওৱাটোৱেহে উৎকৃষ্ট কূটনীতিৰ কাম ।

আৰু এটা প্ৰশ্ন উত্থাপন হ’ব পাৰে-ব্ৰীকছ কিয় আমাৰ বাবে গুৰুত্বপূৰ্ণ? শেহতীয়া ব্ৰীকছ সন্মিলনৰ পৰা আমি কি পাম? প্ৰথমতে এনেধৰণৰ সৰু আঞ্চলিক গোটসমূহৰ জৰিয়তে ডাঙৰ গোটসমূহৰ তুলনাত চলাবলৈ, আলোচনা কৰিবলৈ আৰু সিদ্ধান্তত উপনীত হবলৈ যথেষ্ট সহজ । দ্বিতীয়তে ছাৰ্ক (SAARC) মৃতপ্ৰায় হোৱাৰ লগতে জি-20 ক্ষুদ্ৰ ৰাষ্ট্ৰসংঘলৈ ৰূপান্তৰিত হোৱাত সৰু সংগঠন যেনে ব্ৰীকছ, বিমছটেক, আছিয়ান আদি আমাৰ নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে বেছি প্ৰাসংগিক হৈ পৰিছে । ব্ৰাছিলিয়াত অনুষ্ঠিত শেহতীয়া সন্মিলনে সন্ত্ৰাসবাদ বা সন্ত্ৰাসবাদীক ধন যোগান, মানি লণ্ডাৰিং আদিৰ দৰে অপকৰ্মৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা তথা আমাৰ স্থিতিক অধিক স্পষ্ট কৰি তুলিলে ।

Intro:Body:

Conclusion:
Last Updated : Nov 21, 2019, 2:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.