নেশ্যনেল ডেস্ক,27 মাৰ্চ : ব্ৰহ্ম কুমাৰী সংস্থাৰ আধ্যাত্মিক গুৰু দাদী জানকীৰ 104 বছৰ বয়সত মৃত্যু হয় ৷ মাউন্ট আবুৰ গ্ল'বেল হাস্পতালত শুকুৰবাৰে পুৱা 2 বজাত তেওঁৰ মৃত্যু হয় ৷ উল্লেখ্য যে, দাদী জানকী স্বচ্ছ ভাৰত অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল ৷
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "ব্ৰহ্ম কুমাৰীৰ মুৰব্বী ৰাজয়োগিনী দাদী জানকীজীয়ে কঠোৰ পৰিশ্ৰমেৰে সমাজলৈ বহু অৱদান আগবঢ়ালে ৷ সকলোৰে জীৱনলৈ সকাৰাত্মক পৰিৱৰ্তন আনিবলৈ তেওঁ সক্ষম হৈছিল ৷ মহিলাৰ সৱলীকৰণলৈ তেওঁৰ অৱদান লেখত লবলগীয়া ৷ এই দুখৰ সময়ত তেওঁৰ অগণন গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিলো ৷"
-
Rajyogini Dadi Janki Ji, Chief of the Brahma Kumaris, served society with diligence. She toiled to bring a positive difference in the lives of others. Her efforts towards empowering women were noteworthy. My thoughts are with her countless followers in this sad hour. Om Shanti. pic.twitter.com/nCUwyh58f8
— Narendra Modi (@narendramodi) March 27, 2020 " class="align-text-top noRightClick twitterSection" data="
">Rajyogini Dadi Janki Ji, Chief of the Brahma Kumaris, served society with diligence. She toiled to bring a positive difference in the lives of others. Her efforts towards empowering women were noteworthy. My thoughts are with her countless followers in this sad hour. Om Shanti. pic.twitter.com/nCUwyh58f8
— Narendra Modi (@narendramodi) March 27, 2020Rajyogini Dadi Janki Ji, Chief of the Brahma Kumaris, served society with diligence. She toiled to bring a positive difference in the lives of others. Her efforts towards empowering women were noteworthy. My thoughts are with her countless followers in this sad hour. Om Shanti. pic.twitter.com/nCUwyh58f8
— Narendra Modi (@narendramodi) March 27, 2020
বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সংগঠন ব্ৰহ্ম কুমাৰীৰ মুৰব্বী গৰাকীয়ে দখল কৰিবলৈ সক্ষম হৈছিল 'মষ্ট ষ্টেবল মাইণ্ড' সন্মান ৷ দাদী প্ৰকাশমানিৰ মৃত্যুৰ পাচত 2007 চনত তেওঁ সংগঠনটোৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ৷ মহিলা সৱলীকৰণৰ অন্যতম নিদৰ্শন আৰু 46,000 গৰাকী মহিলাৰ অভিভাৱক দাদী জানকীৰ ব্ৰহ্ম কুমাৰীত শেষকৃত্য সম্পন্ন কৰা হ'ব ৷
আৰু পঢ়ক : ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানি গ্ৰহণ আৰম্ভ হ'ল উচ্চ ন্যায়ালয়ত