নিউজ ডেস্ক, 18 জুনঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেয়ে কয় যে, চীনা সামগ্ৰী বৰ্জনৰ লগতে চীনা খাদ্যও ভাৰতে বৰ্জন কৰিব লাগে । ভাৰতৰ ৰেষ্টোৰা আৰু হোটেল সমূহেও চীনা খাদ্য় প্ৰস্তুত কৰিব নালাগে বুলি কয় নেতাগৰাকীয়ে ।
চীনা সীমান্তত ভাৰতৰ 20 গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পাচত চীনৰ বিৰুদ্ধে সৰ্বত্তে ধিক্কাৰ আৰু ক্ষোভ প্ৰকাশ পাইছে । চীনৰ বিৰুদ্ধে পতিক্ৰিয়া ৰূপে মন্ত্ৰী গৰাকীয়ে এই কথা প্ৰকাশ কৰে ।
সোমবাৰে নিশা লাডাখৰ গালৱান উপত্যকাত সংঘটিত ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত হোৱা হতা হতিত 20 গৰাকী ভাৰতীয় জোৱান শ্বহীদ হৈছিল । তাৰ পাচতেই সমগ্ৰ দেশতে বিভিন্ন লোক, দল সংগঠন আদিয়ে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাইছে ।