নিউজ ডেস্ক, ৬ জানুৱাৰী : ব্ৰিটেইনত COVID-১৯ ৰ পুনঃ সংক্ৰমণৰ বাবে ভাৰতৰ ৭২ সংখ্যক গণৰাজ্য দিৱসত উপস্থিত হ'ব নোৱাৰিব ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচন । মংগলবাৰে প্ৰধানমন্ত্ৰী মোডীৰে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জনায় জনচনে । কিন্তু তেওঁ পৰৱৰ্তী সময়ত ভাৰত ভ্ৰমণলৈ আহিব বুলিও জনায় ।
মোডী-জনচনৰ বাৰ্তালাপত জনচনে গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে তেওঁক নিমন্ত্ৰণ জনোৱাৰ বাবে মোডীক ধন্যবাদ জ্ঞাপন কৰে । লগতে ব্ৰিটেইনত COVID-১৯ ৰ যি ভয়াৱহতা তাৰ পৰিস্থিতি অতিশীঘ্ৰে সুস্থিৰ হ'বলৈ প্ৰাৰ্থনা জনায় মোডীয়ে । ইয়াৰোপৰি দুয়োখন দেশৰ মাজৰ সহযোগিতাৰ লগতে COVID-১৯ প্ৰতিষেধক অনতি পলমে উপলব্ধ কৰা সন্দৰ্ভতো দুয়ো গৰাকী নেতাই আলোচনা কৰে ।
উল্লখ্য যে, ব্ৰিটেইনত COVID-১৯ ৰ দ্বিতীয় ষ্ট্ৰেইন আৰম্ভ হৈছে । দুই বিলিয়নতকৈও অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ৭০,০০০ জনে প্ৰাণ হেৰুৱাই । ব্ৰিটেইনত তৃতীয় লকডাউন আৰম্ভ হোৱাৰ এদিন পূৰ্বে ভাৰত ভ্ৰমণ বাতিল কৰে জনচনে । ডিচেম্বৰ মাহতে ভাৰত ভ্ৰমণৰ নিমন্ত্ৰণ স্বীকাৰ কৰিছিল জনচনে ।
লগতে পঢ়ক:ইন্দোৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ