ETV Bharat / bharat

আৰক্ষীৰ অজ্ঞাতে কৰ'ণাত আক্ৰান্তক জানাজা দি ৰঙাঘৰত পৰিয়ালসহ 28 জন - Mo. Qadri alias Babubhai

নিহতৰ মৃত্যুৰ কাৰণ জানিবলৈ আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নহওঁতেই পৰিয়ালৰ লোকে সকলোৰে অজ্ঞাতে মৃতদেহটো জানাজা দিয়ে ৷

mp
mp
author img

By

Published : Apr 9, 2020, 11:35 AM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ মধ্য প্ৰদেশৰ ৰতনাম জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ এগৰাকী কৰ'ণাত আক্ৰান্তৰ মৃত্যুৰ পাছত প্ৰশাসনৰ অজ্ঞাতে পৰিয়ালৰ লোকে মৃতদেহটো জানাজা দিয়ে ৷ ফলস্বৰূপে আৰক্ষীয়ে মৃতকৰ পৰিয়ালক আটক কৰাৰত লগতে জানাজাত উপস্থিত 28 জন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰে ৷

দৰাচলতে জিলাখনৰ লোহাৰ অঞ্চলৰ বাবুভাই নামৰ লোকজনৰ 4 এপ্ৰিলত ইণ্ডোৰৰ এখন হাস্পতালত মৃত্যু ঘটে ৷ এই সময়ছোৱাত নিহতৰ মৃত্যুৰ কাৰণ জানিবলৈ আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নহওঁতেই পৰিয়ালৰ লোকে সকলোৰে অজ্ঞাতে মৃতদেহটো জানাজা দিয়ে ৷ পৰৱৰ্তী সময়ত মৃতক কৰ'ণাত আক্ৰান্ত বুলি জানিবলৈ পাৰি জিলাখনত অৰাজকতাই বিৰাজ কৰে ৷

ইতিমধ্যে আৰক্ষীয়ে মৃতকৰ পৰিয়ালৰ 9 জনকৈ লোকক আইছলেচনত ভৰ্তি কৰাৰ লগতে সম্পূৰ্ণ লোহাৰ অঞ্চলটো ছীল কৰি দিছে ৷ লগতে জানাজাত ভাগ লোৱা অন্য 30 জন ব্যক্তিৰ বিচাৰ-খোচাৰ অব্যাহত ৰাখিছে মধ্য প্ৰদেশ আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.