নেশ্যনেল ডেস্ক, 29 অক্টোবৰ : জম্মু-কাশ্মীৰৰ কাজিগুন্দত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন বিজেপি নেতাক ৷ ঘটনাৰ ফলত দুজন আঘাতপ্ৰাপ্ত হয় ৷ বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত দক্ষিণ কাশ্মীৰৰ কুলগ্ৰাম জিলাৰ কাজিগুন্দৰ ৱাই. কে. পোৰা অঞ্চলত সংঘটিত হয় এই ঘটনা ৷
মৃত বিজেপি নেতাজন কুলগ্ৰামৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ফিডা হুছেইন ইতো বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, সন্ত্ৰাসবাদীয়ে তিনিজন লোকলৈ ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত ঘটনাস্থলীতে এজনৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে আঘাতপ্ৰাপ্ত দুজনক কাজিগুন্দৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
কাশ্মীৰৰ বিজেপিৰ মিডিয়া ইন চাৰ্জ মঞ্জুৰ ভাটে জানিবলৈ দিয়া অনুসৰি, ঘটনাৰ ফলত ফিডা হুছেইনৰ মৃত্যু হোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হৈছে ওমৰ হাজাম আৰু ৱাছিম আহমেদ ৷ তেওঁ কয় যে, আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ বাবে অঞ্চলটো ঘেৰাও কৰা হৈছে ৷ সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে বিজেপি দলে ৷
লগতে পঢ়ক : লকডাউনৰ পাচত কিয় ভাৰতীয়ই সৰু, ব্যৱহৃত, দুচকীয়া বাহন ক্ৰয় কৰিছে ?