নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰঃ দেশজুৰি উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ ‘সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত আগৰ স্থিতিত আমি অটল, কেনেও আমাক এক ইঞ্চিও বিচলিত কৰিব নোৱাৰে’ এইদৰে আকৌ এবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে অমিত শ্বাহে ৷
শুকুৰবাৰে ৰাজস্থানৰ যোধপুৰত এক জনসভাত অংশগ্ৰহণ কৰি বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এক ইঞ্চিও পিছুৱাই নাযায় বুলি উল্লেখ কৰে ৷ লগতে কয় যে বিৰোধীয়ে বিপথে পৰিচালনা কৰাৰ চেষ্টা কৰিছে ৷ সকলো বিৰোধী লগ হ’লেও আমি কোনো কাৰণতে নিজৰ স্থিতি সলনি নকৰো বুলি স্পষ্ট কৰে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, অমিত শ্বাহে কংগ্ৰেছ দল তথা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰি কয় যে তেওঁ চাগে এতিয়ালৈ এই আইনখন পঢ়া নাই ৷ তেওঁক ইটালিয়ান ভাষাত অনুবাদ কৰাৰ ব্যৱস্থা কৰি দিয়া হ’ব তাৰ পিচত মুকলি বিতৰ্কত অংশগ্ৰহণ কৰক ৷
আৰু পঢ়কঃ "কা" ৰ সমৰ্থনত প্ৰচাৰঃ দিল্লীয়ে ১১ ৰাজ্যৰ দায়িত্ব দিলে হিমন্তক